২ এপ্ৰিলত অসমলৈ আহিব আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ লগতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দুই কেন্দ্ৰীয় নেতৃত্ব দুয়োগৰাকী নেতাই গুৱাহাটীত অংশ ল'ব এক ৰাজহুৱা জনসভাত।
সোণাৰাম খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাত ব্যাপক জনতাৰ সমাৱেশৰ দিশত দলটোৱে চিন্তাচৰ্চা কৰি আছে। আপৰ এই দুই নেতাৰ আগমনক লৈ পিছে মত ব্যক্ত নকৰাকৈ নাথাকিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
''অৰবিন্দ কেজৰিৱাল মহাপুৰুষ নেকি? মহাপুৰুষ নাহে কেজৰিৱালহে আহিব৷ এনেকুৱা বহু নেতা ইয়াৰ পূৰ্বেও আহিছে আৰু গৈছে৷ কোনো প্ৰভাৱ নাই৷ তেনেকুৱা বহু আয়াৰাম গয়াৰাম দিল্লীৰ পৰা অসমলৈ আহিছে আৰু গৈছে ৷''- কয় কলিতাই। তেওঁ লগতে কয়- ইয়াৰ পৰা ৰাজ্যিক বিজেপিৰ কোনো ফৰক নপৰে।
দিল্লী নামতহে এখন ৰাজ্য৷ বাকী সকলো পৌৰ নিগমৰ অধীনত কাম কৰে৷ দিল্লীত চৰকাৰ কৰা অসমত চৰকাৰ কৰাৰ মাজত পাৰ্থক্য আছে ৷ অসমৰ ভূমিত কোনো দিন আপে গুৰুত্ব ল'ব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য ভৱেশ কলিতাৰ ৷ একে সময়তে ভৱেশ কলিতাই সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ ভূপেন বৰাই ১৪খন আসন পাব বুলি কোৱা কথাৰ কোনো ভিত্তি নাই।
Published by: Gautam Barman
FIRST PUBLISHED : March 13, 2023, 17:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।