ভিক্টৰ দাস এজন শিক্ষক হয়, চৰকাৰৰ ভাত খাই চৰকাৰক গালি পাৰি থাকিলে নহ’ব৷ এজন শিক্ষকে চৰকাৰৰ পৰা পইছা খাই আছে লগতে প্ৰাইভেটকৈ কোচিং চেণ্টাৰ চলাই আছে, সেইবোৰ আইনবিৰোধী কাম৷ তামুলপুৰৰ গোৰেশ্বৰত এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।
আনহাতে, বৰ্তমান সময়ত বিজেপিৰ সভাপতি হটাও অভিযান আৰম্ভ হৈছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভৱেশ কলিতাই৷ তেওঁ কয়, বিজেপিৰ ভিতৰত কংগ্ৰেছ হতাও অভিযানহে চলি আছে। বিজেপি জোৰৌ কংগ্ৰেছ চোৰৌ৷ বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে মোক দলে দায়িত্ব দিছে, ৰাষ্ট্ৰীয় নেতৃত্বই দায়িত্ব দিছে, ৰঙিয়া সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে, অসমৰ সংগঠন সুবৃদ্ধি কৰিব লাগে৷
উল্লেখ্য যে মঙলবাৰে তামুলপুৰ জিলাৰ অন্তৰ্গত তথা ৰঙিয়া সমষ্টিৰ গোৰেশ্বৰত ফুটবল খেল উদ্ধোধনী অনুস্থানত উপস্থিত থাকি সাংবাদিকৰ আগত ভৱেশ কলিতাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
- First Published :