পুনৰ কংগ্ৰেছক লক্ষ্য কৰি ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। দদৰাৰ এখন সভাত কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি ভৱেশ কলিতাই কয়, ‘‘ৰাহুল গান্ধীৰ কুকুৰটো সভাপতি হ'ব এদিন। বিজেপি ফেমিলিয়াৰ দল, ফেমিলীৰ দল নহয়। কংগ্ৰেছ হ'ল পৰিয়ালতান্ত্ৰিক দল। কংগ্ৰেছত সভাপতি হ'বলৈ গান্ধী পৰিয়ালৰ হ'ব লাগে।’’
ৰাহুল গান্ধীৰ পিছত সভাপতি কেতিয়াবা পোহনীয়া কুকুৰটোও হ'ব পাৰে বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। তেওঁ কয়, বিজেপিৰ ইতিহাসে পৰিয়ালবাদৰ কথা নকয়। মল্লিকাৰ্জুন খৰ্গে প্ৰতীকী সভাপতিহে কংগ্ৰেছত। কংগ্ৰেছ শেষ হ'ল দুৰ্নীতি, ভ্ৰষ্টাচাৰ,তোষামোদ,পৰিয়ালবাদৰ কাৰণে।
কিন্তু বিজেপিত এইবোৰ নচলিব বুলি কয় ভৱেশ কলিতাই। বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা এইবোৰৰ পৰা ওলাই আহিব লাগিব বুলি মন্তব্য কৰে তেওঁ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 27, 2022, 20:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।