உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আন্ধাৰতে মুখ্যমন্ত্ৰীৰ ভাষণ- ‘দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু বিদেশীমুক্ত অসম নিৰ্মাণত সফল হ’লো’

    আন্ধাৰতে মুখ্যমন্ত্ৰীৰ ভাষণ- ‘দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু বিদেশীমুক্ত অসম নিৰ্মাণত সফল হ’লো’

    কৰিমগঞ্জত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

    কৰিমগঞ্জত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

    কৰিমগঞ্জত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

    • Share this:
    কৰিমগঞ্জত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক। আগন্তুক ২০২১ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকে বিশেষ তাত্‍পৰ্যবহন কৰিছে। বুধবাৰে কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

    সভাত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে সৃষ্টি হয় যান্ত্ৰিক বিজুতি। ফলত আন্ধাৰতে ভাষণ দিবলগীয়া হয় মুখ্যমন্ত্ৰীগৰাকীয়ে।  যদিও বিদ্যুত্‍ ব্যাহত হয়, তথাপিও ভাষণ শেষ নকৰিলে মুখ্যমন্ত্ৰী সোণোৱালে। একে উদ্যমতে অব্যাহত ৰাখে ভাষণ।

    বিজেপিৰ নেতা কৰ্মীক উদ্দেশ্যি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ‘ এটা সমষ্টিতে বহুতে টিকট বিচাৰিছে। টিকট দলক আগত ৰাখি বিচাৰক। টিকট লাভ নকৰিলে বিচলিত নহ'ব।  নিজ স্বাৰ্থত দল নকৰি দলৰ স্বাৰ্থত কাম কৰক। কেন্দ্ৰই যাক টিকট দিব সেয়া স্বীকাৰ কৰক সকলোৱে।’

    ইফালে ভাষণৰ মাজতে সভাপতি ৰণজিত্‍ দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। কয় যে, ‘ ৰণজিত দাসে যি পৰিশ্ৰম কৰিছে সেয়া উৎসাহৰ বিষয়। মই সভাপতি হৈ থাকোতে ইমান কষ্ট কৰিব পৰা নাছিলো। তেওঁৰ উদ্যোগতে জয়ী হ'লো তিৱা স্বায়ত্ত পৰিষদ, বিটিচিৰ নিৰ্বাচনত।’

    সভাত দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম মিলি সমন্বয়েৰে অসম আগবাঢ়িব লাগিব। বিজেপি দলত কাম কৰিলে সততা-নিষ্ঠাৰে কাম কৰিব লাগিব, ৰাষ্ট্ৰভক্তি থাকিব লাগিব। বাজপেয়ী ডাঙৰীয়াই বিজেপি দলৰ প্ৰতিষ্ঠা কালতেই কৈ যোৱা কথাবোৰ মনত ৰাখি মোদী ডাঙৰীয়াই ভাৰতক বিশ্বৰ শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। মোদী ডাঙৰীয়াৰ প্ৰতিটো আহ্বানক দেশবাসীয়ে আঁকোৱালি লৈছে। নৰেন্দ্ৰ মোদী, বিজেপিক মোকাবিলা কৰিব পৰাকৈ কোনো বিৰোধী শক্তি আজি নাই। সততা, নিষ্ঠা নাই বাবে বিৰোধী দিশহাৰা হৈছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস কেৱল শ্লোগান নহয়।’

    ইফালে যিসকলে আগন্তুক নিৰ্বাচনত বিজোপিৰ দলীয় প্ৰাৰ্থীত্ব বিচাৰিছে, সেই সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, ‘আপোনালোকে নিজৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে বৰাকৰ সৌন্দৰ্যৰ প্ৰচাৰ কৰক। নিৰ্বাচন আহি আছে, ১৬ত চৰকাৰ গঠন কৰাৰ সময়ত জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো। দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদুষণমুক্ত আৰু বিদেশীমুক্ত অসম নিৰ্মাণত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লো। এই সকলোবোৰ তথ্য আপোনালোকৰ ওচৰত তুলি দিয়া হৈছে, সকলোকে এই বিষয়ে আপোনালোকে অৱগত কৰিব।’

    ‘শাসন ব্যৱস্থাত যিমান অশৃংখলতা, খেলি-মেলি আছিল আজি সকলো ঠিক হৈছে। টকা-পইচা ল'বলৈ দুৰ্নীতিপৰায়নসকলে এতিয়া ভয় খায়। পূৰ্বৰ চৰকাৰৰ দিনত মাহে মাহে ধনদাবী, হত্যা-হিংসা আদিৰ ঘটনা ঘটিছিল, এতিয়া হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে।’

    ‘আমাৰ কাৰ্যকালত ৮ কোটি জোপা বৃক্ষ ৰোপন কৰা হৈছে।  কংগ্ৰেছৰ সময়ত গড় হত্যা কৰি কাজিৰঙালৈ ভাবুকি কঢ়িয়াই অনা হৈছিল। সেই ৰাষ্ট্ৰীয় উদ্যানত ৩৪০টা চোৰাংচিকাৰী কৰায়ত্ত কৰা হ'ল, উদ্যান সুৰক্ষিত কৰা হ'ল।বনাঞ্চল ধ্বংস ৰোধ কৰি বনাঞ্চলৰ মাত্ৰা বৃদ্ধি কৰা হ'ল।’- এনেদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে।
    Published by:Himangshu Bhuyan
    First published: