'সেৱাই সংগঠন' মূল মন্ত্ৰ হিচাপে লৈ আয়োজন কৰা কাৰ্যনিৰ্বাহক বৈঠকখনত দিল্লীৰ পৰা ভাৰ্চুৱেলী অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ৰাষ্ট্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক সোগান সিঙে৷
'সেৱাই সংগঠন' মূল মন্ত্ৰ হিচাপে লৈ আয়োজন কৰা কাৰ্যনিৰ্বাহক বৈঠকখনত দিল্লীৰ পৰা ভাৰ্চুৱেলী অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ৰাষ্ট্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক সোগান সিঙে৷
কোভিড প্ৰট'কলৰ মাজতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত৷ দ্বিতীয়বাৰৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতিৰ গুৰু দায়িত্ব লাভ কৰা ৰণজিৎ দাসৰ নেতৃত্বত গঠন হোৱা ২০২০-২৩বৰ্ষৰ নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে৷ কাৰ্যনিৰ্বাহক বৈঠকখনৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ৷
'সেৱাই সংগঠন' মূলমন্ত্ৰ হিচাপে লৈ আয়োজন কৰা কাৰ্যনিৰ্বাহক বৈঠকখনত দিল্লীৰ পৰা ভাৰ্চুৱেলী অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ৰাষ্ট্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক সোগান সিঙে৷
"আজিৰ বৈঠকত আমি চাৰিটাকৈ প্ৰস্তাৱ ল'ম৷ আত্মনিৰ্ভৰ অসম, চাহ জনগোষ্ঠীৰ কল্যাণ, কোভিড আৰু বানপানী এই তিনি প্ৰস্তাৱৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো হ'ব ৰাজনৈতিক প্ৰস্তাৱ৷"—জনালে সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰয়ে৷
"আমি সদায় সংগঠনক গুৰুত্ব দি আহিছো৷ তৃণমূলৰ কাৰ্যকৰ্তাই আমাৰ শক্তি৷ ২০২১ৰ নিৰ্বাচনৰ বাবে আজিৰ কাৰ্যনিৰ্বাহকে বিশেষ ভূমিকা ল'ব৷ সৰ্বস্পৰ্শী সৰ্বব্যাপি নীতিৰে আমি আগবাঢ়ি যাম৷" – ক’লে সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই।
"কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই নিশ্চয়কৈ ৰাজনৈতিক প্ৰস্তাৱত স্থান লাভ কৰিব৷ আগতেই দুয়োটা দলৰ মিত্ৰতা আছিল৷ এতিয়া গোপনীয়তা ভংগ হৈছে৷ আমাৰ লাভ হ'ব এই মিত্ৰতাৰ বাবে৷" – এই মন্তব্য উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|