ৰণজিত দাসৰ ৰিপ’ৰ্ট কাৰ্ডে আউল লগাইছে বিৰোধীৰ অংকতো

জনজাতীয় আৰু জাতীয় সংগঠনৰ নেতাক বিজেপিলৈ আনি উজনি অসমৰ গৰিষ্ঠসংখ্যক সমষ্টি নিজৰ দখললৈ নিয়াৰ ব্লু প্ৰিণ্ট আৰম্ভ কৰিছে বিজেপিয়ে।
জনজাতীয় আৰু জাতীয় সংগঠনৰ নেতাক বিজেপিলৈ আনি উজনি অসমৰ গৰিষ্ঠসংখ্যক সমষ্টি নিজৰ দখললৈ নিয়াৰ ব্লু প্ৰিণ্ট আৰম্ভ কৰিছে বিজেপিয়ে।
- News18 Assam
- Last Updated: August 7, 2020, 8:11 PM IST
২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নাজিৰাত ১৮২১টা ভোটত, ডুমডুমাত ৪০৭৬০টা ভোটত, মৰিয়নীত ১৪২৯১টা ভোটত কংগ্ৰেছক পৰাস্ত কৰাৰ বিপৰীতে গেৰুৱা দলটো শিৱসাগৰত ৬৫৯টা ভোটত, তিতাবৰত ১৩২০৬টা ভোটত আৰু গোলাঘাটত ১১০৪৬টা ভোটত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে কংগ্ৰেছৰ দখলত থকা আটাইবোৰ সমষ্টিতে দলটোৰ খহনীয়া আৰু বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাকে ধৰি আন আন জাতীয় বিষয়বোৰৰ প্ৰভাৱ নথকাত উৎসাহী হৈ পৰিছে বিজেপি।
জনজাতীয় আৰু জাতীয় সংগঠনৰ নেতাক বিজেপিলৈ আনি উজনি অসমৰ গৰিষ্ঠসংখ্যক সমষ্টি নিজৰ দখললৈ নিয়াৰ ব্লু প্ৰিণ্ট আৰম্ভ কৰিছে বিজেপিয়ে। তথ্য অনুসৰি, সকলো ঠিকে ঠাকে থাকিলে কা আন্দোলনৰ আগশাৰীত থকা উজনি অসমৰ দুজন নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। কেৱল যোগদানেই নহয়, ইয়াৰে এজনে গেৰুৱা পোছাক পিন্ধি তিনিচুকীয়া জিলাৰ এটা বিশেষ সমষ্টিৰ পৰা নিৰ্বাচনত নামিব।