হাফলঙত দুই দিৱসীয় ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জনজাতি মৰ্চাৰ তৃতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আজি সামৰণি পৰে। হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক জনজাতি বা এছটি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ সাংসদ সমীৰ ওৰাং (BJP ST Morcha National President Samir Oraon) উপস্থিত থকাৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু এছটি মৰ্চাৰ দায়িত্বপ্ৰাপ্ত সাংসদ দিলীপ শইকীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, এছটি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্ম, বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লোছা, ই এম চেমুৱাল চাংছান, ডিমা হাছাও জিলা বিজেপি সভাপতি দনপাইনন থাউচেন আদি।
বৃহস্পতিবাৰে দলৰ পতাকা উত্তোলন কৰি তৃতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল এছটি মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি শিৱনাথ ব্ৰহ্মই। লগতে এছটি মৰ্চাৰ বিভিন্ন দিশ লৈ আলোচনা হয়, য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০গৰাকী প্ৰতিনিধি উপস্থিত থাকে।
উল্লেখনীয় যে ২০২৪ চনৰ জানুৱাৰী মাহত দেৱলাল গাৰ্লোছা নেতৃত্বাধীন বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকালৰ অন্ত পৰিব। তেনে ক্ষেত্ৰত হাফলঙত অনুষ্ঠিত এছ টি মৰ্চাৰ দুই দিৱসীয় কাৰ্যনিৰ্বাহক অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ৰুদ্ধদ্বাৰ বৈঠকত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ আছিল। জানিব পৰা মতে, বৈঠকত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ আলোচনা কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।