• Home
  • »
  • News
  • »
  • assam
  • »
  • উপ-নিৰ্বাচন খেলিবলৈ কংগ্ৰেছত নাই প্ৰাৰ্থী, বেলেগ দলৰ প্ৰাৰ্থী আমদানি কৰাত ব্যস্ত কংগ্ৰেছঃ বিজেপি

উপ-নিৰ্বাচন খেলিবলৈ কংগ্ৰেছত নাই প্ৰাৰ্থী, বেলেগ দলৰ প্ৰাৰ্থী আমদানি কৰাত ব্যস্ত কংগ্ৰেছঃ বিজেপি

দেৱব্ৰত শইকীয়াই একেখন সংবাদমেলতে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ বিজেপিক কৰিলে সমালোচনা ৷

দেৱব্ৰত শইকীয়াই একেখন সংবাদমেলতে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ বিজেপিক কৰিলে সমালোচনা ৷

দেৱব্ৰত শইকীয়াই একেখন সংবাদমেলতে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ বিজেপিক কৰিলে সমালোচনা ৷

  • Share this:

এজনে যদি ৰাইজৰ দলৰ লগত মিত্ৰতা বিচৰা নাই, আন এজনে আকৌ এতিয়াও সকলো বিৰোধী দল এক হোৱাটো বিচাৰিছে ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত এই ছবিয়েই এতিয়া স্পষ্ট ৷ সভাপতি ভূপেন বৰাই অখিল গগৈৰ ৰাইজৰ দলৰ পৰা নিজকে দূৰত ৰখাৰ সময়তে উপ–নিৰ্বাচনত সকলো বিৰোধী দলক একগোট হোৱাৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷


দেৱব্ৰত শইকীয়াই একেখন সংবাদমেলতে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ বিজেপিক কৰিলে সমালোচনা ৷ বহি নাথাকিল বিজেপিও, প্ৰত্যুত্তৰ দিয়ে বিজেপিয়ে৷


 ছটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ–নিৰ্বাচনক লৈ সাজু হৈছে শাসক–বিৰোধী ৷ শাসকীয় দলৰ প্ৰভাৰী এইখিনি সময়ত ব্যস্ত হৈ পৰিছে সমষ্টিয়ে সমষ্টিয়ে ৷ ইফালে প্ৰধান বিৰোধী দলো সম্প্ৰতি ব্যস্ত উপ–নিৰ্বাচনক লৈ৷ বুধবাৰে সংবাদমেলযোগে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী শক্তিক এক হৈ যুঁজ দিয়াৰ আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তথা বিৰোধী শক্তিক আক্ৰমণ বিজেপি মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ৷


লক্ষ্য কোঁৱৰে কয়– "বিৰোধী এতিয়া বহুধা বিভক্ত ৷ বিধানসভাত মুখথেকেচা খোৱাৰ পিছত বিৰোধী দলসমূহ একত্ৰিত হ'ব নোৱাৰিলে ৷ অখিল গগৈক ৰাহুল গান্ধীয়ে গ্ৰীন ছিগনেল দিলে যদিও ভূপেন বৰাই নামানিলে ৷ ভূপেন বৰাই যি কথা নামানিলে তাৰ বিপৰীতে গৈ এতিয়া দেৱব্ৰত শইকীয়াই বিৰোধী দলসমূহক একত্ৰিত হোৱাৰ আহ্বান কৰিছে ৷ ক'বলৈ গ'লে বিৰোধীৰ কোনো সুস্পষ্ট  স্থিতিয়েই নাই ৷ অখিল গগৈও একেই, আজি অ'ত কাইলৈ ত'ত ৷ ধাৰণা হৈছে উপ-নিৰ্বাচনৰ বাবে হয়তো প্ৰাৰ্থী নাই কংগ্ৰেছত, যাৰ বাবে আনৰ বোকোচাত উঠিবলৈ বিৰোধী দলসমূহক এক হোৱাৰ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই ৷  আন দলৰ পৰা প্ৰাৰ্থী আমদানি কৰিব বিচাৰিছে নেকি কংগ্ৰেছে?"


ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন বিজেপিয়ে ২০দিনীয়াকৈ পাতিবলৈ ওলোৱাক লৈ কৰা মন্তব্যকো চোকা ভাষাৰে সমালোচনা কৰিলে বিজেপি মুখপাত্ৰ লক্ষ্য কোঁৱৰে ৷ লক্ষ্য কোঁৱৰৰ স্পষ্ট কথা বিজেপিয়ে সেৱা আৰু সমৰ্পণেৰেহে উদযাপন কৰিব প্ৰধানমন্ত্ৰীৰ জন্মদিন৷ ৰাইজৰ টকা ব্যয় কৰি জন্মদিন পালন কৰিবলৈ ওলোৱা নাই বিজেপি। সেৱাৰ মনোভাবেৰে নিষ্ঠাৱান কংগ্ৰেছীকো প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ বিজেপিয়ে লোৱা সেৱা–সমৰ্পণ কাৰ্যসূচীত ভাগ ল'বলৈ আহ্বান মুখপাত্ৰ কোঁৱৰৰ ৷


কংগ্ৰেছ–বিজেপিৰ এই বাকযুদ্ধৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা ব্যস্ত এতিয়া প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ ৷ কোন দিনা ক'ত কি কৰিব তাৰ হিচাপ নিকাচত ব্যস্ত এতিয়া বিজেপিৰ যুৱ ব্ৰিগেড ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি