এজনক প্ৰশংসা কৰিবলৈ গৈ আনজনক হেয় প্ৰতিপন্ন কৰিলে নেকি ৰূপম গোস্বামীয়ে? সংবাদমেলত সোণোৱাল-হিমন্তৰ মাজতে দেখুৱালে পাৰ্থক্য!

News18 Assam | News18-Assam
Updated:June 12, 2021, 8:58 AM IST
এজনক প্ৰশংসা কৰিবলৈ গৈ আনজনক হেয় প্ৰতিপন্ন কৰিলে নেকি ৰূপম গোস্বামীয়ে? সংবাদমেলত সোণোৱাল-হিমন্তৰ মাজতে দেখুৱালে পাৰ্থক্য!
'এমাহত ইমান কাম কৰিছে আচৰিত হৈছো ৷ সংবাদমেল বিগত পাঁচ বছৰত বহুত কৰিলো। কিন্তু ইমান দীঘল কৰিব লগীয়া প্ৰথম হৈছে।'- এনেদৰে কয় ৰূপম গোস্বামীয়ে

'এমাহত ইমান কাম কৰিছে আচৰিত হৈছো ৷ সংবাদমেল বিগত পাঁচ বছৰত বহুত কৰিলো। কিন্তু ইমান দীঘল কৰিব লগীয়া প্ৰথম হৈছে।'- এনেদৰে কয় ৰূপম গোস্বামীয়ে

  • Share this:
বৃহস্পতিবাৰে এমাহ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৷ বৃহস্পতিবাৰে এমহীয়া চৰকাৰখনে এটা মাহতে কি কি কৰিলে তাৰ খতিয়ান সংবাদমেল যোগে দাঙি ধৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ এদিন পিছতে একেখিনি তথ্যৰে বাজপেয়ী ভৱনত সংবাদমেল বিজেপিৰ অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীৰ ৷

গৰু ছিণ্ডিকেট, প্ৰশাসনিক ৰদবদল, ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান, কয়লা ছিণ্ডিকেট ইত্যাদি ইত্যাদিৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হিৰ' সজোৱা ৰূপম গোস্বামীয়ে যেন পাহৰিলে ২০১৬ৰ পৰা অসমত আছিল বিজেপিৰে চৰকাৰ ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পাঁচ বছৰীয়া চৰকাৰখনক পাকে-প্ৰকাৰে বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে একপ্ৰকাৰ নিষ্ক্ৰীয় বুলিয়েই প্ৰতিয়মান কৰিলে ৷

সংবাদ মেলৰ শেষত সেয়ে সাংবাদিকৰ প্ৰশ্ন বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীক,

সাংবাদিকে প্ৰশ্ন কৰে যে, 'আপুনি ক'ব খোজে নেকি, ড্ৰাগছ,গৰু ছিণ্ডিকেট,কয়লা ছিণ্ডিকেট আদি ৰোধত ব্যৰ্থ আছিল সৰ্বানন্দ সোণোৱাল? ২৪X৭ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় চলিব, খুব ভাল কথা কিন্তু আগতে কাৰ্যক্ষম নাছিল নেকি?

এই প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে কয় যে, ' মোৰ আইক ভাল পাঁও বুলিলে আনৰ আইক ঘৃণা কৰা নুবুজায় ৷ সোণোৱালে প্ৰতিষ্ঠা কৰা ভেটিৰ বাবে সকলো সম্ভৱ হৈছে ৷

ইয়াৰ পিছত সাংবাদিকৰ পুনৰ প্ৰশ্নঃ "আপুনি কৈছে এমাহত ইমান কাম কৰিছে আচৰিত হৈছো ৷ সংবাদমেল বিগত পাঁচ বছৰত বহুত কৰিলো। কিন্তু ইমান দীঘল কৰিব লগীয়া প্ৰথম হৈছে ৷ এমহীয়া কাৰ্যকালতে বহু ইতিবাচক কথা হৈছে। ইয়াৰে আপুনি সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাকে উদঙোৱা নাই নে? আপুনি বিগত পাঁচবছৰত ড্ৰাগছৰ অবাধ বেহাক লৈ কিয় সৰব হোৱা নাছিল?"

অৱশ্যে এই প্ৰশ্নবোৰত চালে বেৰে কোবোৱা উত্তৰ দি সংবাদমেল সামৰিলে ৰূপম গোস্বামীয়ে ৷
Published by: Himangshu Bhuyan
First published: June 12, 2021, 8:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি