‘গৌতম ৰয় পচা আলু,পচা আলুৱে নষ্ট কৰিব বিজেপিক, গৌতম ৰয়ক দলীয় পতাকা পিন্ধাওতে নকঁপিল কিয় হাত?’
News18-Assam Updated:August 13, 2019, 3:39 PM IST

Source-Google
সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই ব্যক্তিগত ঈৰ্ষাত নিষ্ঠাৱান কৰ্মীক আঁতৰাই ৰাখি গৌতম ৰয়ৰ দৰে বদনামী লোকক দলত স্থান দিয়াৰ অভিযোগ মীৰা বৰঠাকুৰৰ ।
- News18 Assam
- Last Updated: August 13, 2019, 3:39 PM IST

কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ থকা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানক সহজ ভাৱে লোৱা নাই অধিকাংশ বিজেপিয়ে ৷ তাৰ ভিতৰত অন্যতম মীৰা বৰঠাকুৰো ৷ মীৰা বৰঠাকুৰৰ স্পষ্ট কথা, গৌতম ৰয় বুলি ৱিইকিপেডিয়া,ইউট্যুবত চাৰ্ছ কৰিলে সকলোতে ওলাব দুৰ্নীতি-অশৃংখলতাৰ কথাহে ৷ নিজকে বাংলাদেশী বুলি কোৱা গৌতম ৰয়ক বিজেপি দলত ৰঙা দলিচা পাৰি দিয়াক লৈ বাৰুকৈয়ে সৰব হোৱা মীৰা বৰঠাকুৰৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মালৈও তীৰ্যক প্ৰশ্ন–"বদনামী নেতাক দলত স্থান কিয়?" প্ৰয়োজনত ৰাজীৱ ভৱনৰ সন্মুখত টেবুল বহাই খোদ কংগ্ৰেছী কৰ্মীত বিজেপিত যোগদান কৰাব বুলি কৈ মীৰা বৰঠাকুৰে লগতে ক'লে
"ফণীন্দ্ৰনাথ শৰ্মাৰ ব্যক্তিগত ঈৰ্ষাৰ বলী হোৱা বুলি"
টকাৰ জোৰত ৰাজনীতি কৰা গৌতম ৰয়ৰ বিজেপিত যোগদানে গেৰুৱা দলটোক নষ্ট কৰিব বুলি মন্তব্য কৰি বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয় যে, "পঁচা আলু গৌতম ৰয়, বিজেপিৰ ভাল আলুকো পঁচাব গৌতম ৰয়ে"!
ইফালে, মীৰা বৰঠাকুৰৰ আন এক গুৰুতৰ অভিযোগ ৷"দলীয় নেতৃত্বই গুৰুত্ব নিদিয়ে কৰ্মীৰ অভিযোগ ৷ যাৰ বাবে ছচিয়েল মিডিয়াতে নিজৰ অভিযোগ লিখিবলৈ বাধ্য একাংশ কৰ্মী ৷