বিজেপিৰ সম্পৰ্ক অভিযানৰ অংশ হিচাপে আজি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজজুৱে সাক্ষাৎ কৰে বিশিষ্ট চিকিৎসক পদ্মশ্ৰী বঁটা বিজয়ী ডাঃ ইলিয়াছ আলী আৰু অসমৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ গিলবাৰ্টছন ছাংমাক। দুয়োগৰাকী ব্যক্তিৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পুৱা হাতীগাঁওস্থিত ডাঃ ইলিয়াছ আলীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তাৰ পিছত কাহিলিপাৰাস্থিত গিলবাৰ্টছন চাংমাৰ বাসগৃহত উপস্থিত হয় ৰিজিজু।
NEWS18ৰ আগত কিৰেণ ৰিজিজুৱে কয় যে এইবাৰ অসমত হ’ব খেলো ইণ্ডিয়াৰ দৰে বৃহৎ প্ৰতিযোগিতা। মই মন্ত্ৰী হৈয়ে সিদ্ধান্ত লৈছিলো যে এই প্ৰতিযোগিতা উত্তৰ–পূবত হ’ব লাগে আৰু অসমতে পাতিম। খেলো ইণ্ডিয়া প্ৰতিযোগিতা গুৱাহাটীত হ’লে অসম বহু ক্ষেত্ৰত লাভৱান হ’ব।
ৰিজিজুৱে কয় – হিমা দাসৰ লগত মই কথা পাতিছো। আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিলে। মই কৈছো চিন্তা কৰিব নালাগে। যি প্ৰয়োজন হয় আমি দিম। অলিম্পিক খেলাটোৱে ডাঙৰ কথা। সেয়ে হিমাই টাইমিং ঠিক কৰিব লাগিব। এতিয়াৰ পৰা প্ৰস্তুতি কৰক।
![]()
আনহাতে, হিমা দাসক লৈ গিলবাৰ্টছন চাংমাই কয় – মই হিমাক বহুদিন আগত লগ পাওঁতে কিছু কথা কৈছিলো। এই সম্বৰ্ধনা বা অনুষ্ঠানবোৰ বাদ দিয়ক আৰু অনুশীলন কৰক। তেতিয়া তাইক পল্টন বজাৰ ছাইট লগ পাইছিলো। কিন্তু গুৰুত্ব নিদিলে। যিয়ে নহওঁক এতিয়া সুস্থ হৈ পুনৰ ভালকৈ অনুশীলন কৰিব লাগে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|