உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সহযোগ নিধিৰ নামত ৰাজ্যিক বিজেপিয়ে চলাইছে নেকি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে গোপন এজেণ্ডা?

    সহযোগ নিধিৰ নামত ৰাজ্যিক বিজেপিয়ে চলাইছে নেকি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে গোপন এজেণ্ডা?

    প্ৰত্যেক জিলা প্ৰত্যেক সমষ্টিক দিয়া হৈছিল ৫০,১০০,৫০০আৰু ১০০০টকীয়া কিছুমান কুপন ৷ য'ত স্পষ্ট ভাৱে লিখা আছে কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ বাবেহে ৷ ইতিমধ্যে জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে চলি আছে এই অভিযান ৷

    • Share this:
    সহযোগ নিধিৰ নাম লৈ অসম প্ৰদেশ বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে চলাইছে গোপন এজেণ্ডা ৷ ৰাজ্যৰ আন দলসমূহ আন কামত ব্যস্ত থকাৰ সময়ত বিজেপি কাষ চাপিব বিচাৰিছে প্ৰতিগৰাকী ভোটাৰৰ ৷ সহযোগ নিধি সংগ্ৰহৰ অচিলা লৈ বিজেপি সোমাইছে ঘৰে ঘৰে ৷ সমগ্ৰ ভাৰতৰ ভিতৰত একমাত্ৰ অসম প্ৰদেশ বিজেপিয়ে হাতত লৈছিল সহযোগ নিধিৰ দৰে এক অভিযান ৷

    প্ৰত্যেক জিলা প্ৰত্যেক সমষ্টিক দিয়া হৈছিল ৫০,১০০,৫০০আৰু ১০০০টকীয়া কিছুমান কুপন ৷ য'ত স্পষ্ট ভাৱে লিখা আছে কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ বাবেহে ৷ ইতিমধ্যে জিলাই জিলাই সমষ্টিয়ে সমষ্টিয়ে চলি আছে এই অভিযান ৷ এই অভিযানৰ যোগেদি এটা সমষ্টিত কমেও ২০হাজাৰ পৰিয়ালৰ কাষ চপাৰ টাৰ্গেট বিজেপিৰ ৷ এই কাৰ্যত বৰ্তমানলৈকে শীৰ্ষত আছে শোণিতপুৰ আৰু উত্তৰ কামৰূপ জিলা বিজেপি ৷

    বিজেপিৰ এক ভিতৰুৱা সূত্ৰৰ মতে ঘৰে ঘৰে গৈ শোণিতপুৰ বিজেপি,নলবাৰী বিজেপি,ডিব্ৰুগড় জিলা বিজেপিয়ে বৰ্তমানলৈকে সংগ্ৰহ কৰিছে ৬০ৰ পৰা ৭০লাখ টকা ৷ কাৰোবাৰ পৰা ৫০টকা কাৰোবাৰ পৰা ১০০টকা, ৫০০টকা সংগ্ৰহৰ বাবে বহু জিলাত সমষ্টিৰ সৰ্বাধিক পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন হৈছে যদিও কিছু সংখ্যক বিধায়ক এতিয়াও পিছ পৰি ৰোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছে এই অভিযান ৷

    বিজেপিয়ে এই অভিযানৰ যোগেদি বিধায়ক থাককেই বা নাথাকক প্ৰত্যেকটো বিধানসভা সমষ্টিত ২০ৰ পৰা ৩০হাজাৰ পৰিয়ালৰে সহযোগ নিধিৰ অচিলা লৈ সুদৃঢ় কৰিব বিচাৰিছে দলৰ ভেটি ৷ অসম প্ৰদেশ বিজেপিয়ে লোৱা এই মডেল গ্ৰহণ কৰিছে ৰাজস্থান বিজেপিয়েও ৷

    এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, সভাপতি ভৱেশ কলিতাই এশ কোটি সংগ্ৰহ কৰিব লাগিব বুলি কোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল 'চান্দা নচলিব' ৷ চান্দা নচলিব বুলি কৈ মুখ্যমন্ত্ৰীয়ে সহযোগ নিধিৰ জৰিয়তে বিজেপি কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ সৈতে সু সম্পৰ্ক গঢ়িবলৈ দিয়া পৰামৰ্শত এই পৰ্যন্ত ৬০ শতাংশ সফল হ'লেও ৪০ শতাংশত পিছ পৰি ৰৈছে বিজেপি ৷
    Published by:Himangshu Bhuyan
    First published: