• Home
  • »
  • News
  • »
  • assam
  • »
  • এটা ২৫লাখ টকীয়া পথৰ নিবিদাক লৈ ৰণথলী PWDকাৰ্যালয়! থানা পালেগৈ বিজেপি-আৰএছএছ কৰ্মীৰ সংঘাত

এটা ২৫লাখ টকীয়া পথৰ নিবিদাক লৈ ৰণথলী PWDকাৰ্যালয়! থানা পালেগৈ বিজেপি-আৰএছএছ কৰ্মীৰ সংঘাত

ইতিমধ্যে দুয়ো পক্ষই ঢেকিয়াজুলি থানাত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে ৷ 

ইতিমধ্যে দুয়ো পক্ষই ঢেকিয়াজুলি থানাত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে ৷ 

ইতিমধ্যে দুয়ো পক্ষই ঢেকিয়াজুলি থানাত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে ৷ 

  • Share this:
গড়কাপ্তানী বিভাগৰ ২৫ লাখটকীয়া এটা পথৰ নিবিদাক কেন্দ্ৰ কৰি মঙলবাৰে বিয়লি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত আৰ এছ এছ আৰু বিজেপিৰ দুটা পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয় ৷

উল্লেখযোগ্য যে মঙলবাৰে ঢেকিয়াজুলিৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত বিভাগটোৰ  ২৫ লাখটকীয়া এটা পথৰ নিবিদা গ্ৰহনৰ অন্তিম তাৰিখ আছিল ৷ এই নিবিদাক কেন্দ্ৰ কৰিয়েই পূৰ্বতে ব্যৱসায়িক বন্ধুত্ব থকা আৰু পিছলৈ মতানক্যৰ সৃষ্টি হৈ দুটা পক্ষত বিভক্ত হোৱা ফৈদ দুটাৰ মাজত এই সংঘৰ্ষ লাগে ৷

অভিযোগ মতে, ঢেকিয়াজুলিৰে এজন প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান বিজেপি কৰ্মী মনদ্বীপ সিং আৰু জনাথন ওৱাৰি নামৰ বিজেপিৰ কৰ্মীদুজনে নিবিদা জমা দিবলৈ যাওঁতে ৰানা মহাজন নামৰ আৰ এছএছৰ খণ্ড সেৱা প্ৰমুখৰ দ্বায়িত্বত থকা যুৱক জনেও গড়কাপ্তানী বিভাগৰ কাৰ্যালয়টোলৈ কেইবাজনো যুৱকৰ সৈতে আহি নিবিদা দিবলৈ লওতে সংঘৰ্ষৰ সূত্ৰপাত হয়৷

প্ৰত্যক্ষদৰ্শীৰ মতে দুয়োটা পক্ষৰ মাজত প্ৰথমে  তৰ্ক যুদ্ধ তাৰ পিছত হতাহতিও সংঘটিত হয়। এই ঘটনাত জনাথন ওৱাৰি আৰু দুজন বিজেপি কৰ্মী আহত হয় ৷ ইপিনে আৰ এছএছ সদস্য ৰানা মাহাজনে কয়-তেওঁকহে বিজেপি কৰ্মী কেইজনে আক্ৰমন কৰিছিল৷ ইতিমধ্যে দুয়ো পক্ষই ঢেকিয়াজুলি থানাত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে ৷ 

আৰএছএছ সদস্য আৰু বিজেপি কৰ্মীয়ে গড়কাপ্তানী পথৰ নিবিদাক কেন্দ্ৰ গড়কাপ্টানী বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে মাৰপিটত লিপ্ত হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
First published: