உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পৌৰসভা আৰু নিগমৰ নিৰ্বাচনত AGPক এঘৰীয়া কৰিবলৈ সাজু শাসকীয় BJP

    পৌৰসভা আৰু নিগমৰ নিৰ্বাচনত AGPক এঘৰীয়া কৰিবলৈ সাজু শাসকীয় BJP

    AGPয়ে গঠন কৰিব নিগম-নিকায়ক লৈ ৰাজ্যিক কমিটীঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    AGPয়ে গঠন কৰিব নিগম-নিকায়ক লৈ ৰাজ্যিক কমিটীঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    AGPয়ে গঠন কৰিব নিগম-নিকায়ক লৈ ৰাজ্যিক কমিটীঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

    • Share this:

    উপ-নিৰ্বাচন গ'ল ৷ আকৌ ৰাজ্যত মাজুলীকে প্ৰমুখ্য কৰি বহুকেইটা সমষ্টিত অনুষ্ঠিত হ'ব পাৰে উপ-নিৰ্বাচন ৷ ইয়াৰ ইংগিত ইতিমধ্যে দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে আহি আছে ফেব্ৰুৱাৰীত পৌৰ নিগম আৰু পৌৰসভাৰ নিৰ্বাচন ৷


    এতিয়া কথা হ'ল আগন্তুক পৌৰ নিগম আৰু পৌৰসভাৰ নিৰ্বাচন (municipal election)ত শাসকীয় BJPয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নে মিত্ৰজোঁটৰ অংশীদাৰ দল AGP আৰু UPPLৰে মিত্ৰতা কৰিব ৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ক'লে- দলে সিদ্ধান্ত ল'ব ৷ লগতে ক'লে- “পঞ্চায়ত আৰু পৌৰসভা, পৌৰ নিগমৰ নিৰ্বাচনত জিলা পৰ্যায়ত সিদ্ধান্ত লয় ৷”


    মুখ্যমন্ত্ৰীৰ এই কথাৰ পৰা স্পষ্ট যে আগন্তুক পৌৰ নিগম আৰু পৌৰসভাৰ নিৰ্বাচনত মিত্ৰতা নাথাকিব AGP আৰু UPPLৰ সৈতে ৷ এই বিষয়ত BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে- “স্থানীয় নিৰ্বাচনত সকলো দলে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷ এইক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নাথাকে ৷”


    এই সন্দৰ্ভত ভৱেশ কলিতাই পুনৰ ক'লে- “স্থানীয় পৰ্যায়ত কোনোবাই মিত্ৰতা কৰিব পাৰে ৷ কিন্তু ৰাজ্যিক পৰ্যায়ত মিত্ৰতা নহয় ৷”


    ইপিনে একেৰাহে দ্বিতীয়বাৰলৈ BJPৰে মিত্ৰতা কৰি চৰকাৰত থকা আঞ্চলিক দল AGPয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিবনে আগন্তুক পৌৰ নিগম আৰু পৌৰসভাৰ নিৰ্বাচনত ৷ এই সন্দৰ্ভত AGPৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোমবাৰে সাংবাদিকক ক'লে- “এতিয়ালৈ দলত আলোচনা হোৱা নাই ৷ পৌৰ নিগম আৰু পৌৰ সভাৰ নিৰ্বাচনক লৈ দলে গঠন কৰিব ৰাজ্যিক পৰ্যায়ত কমিটী ৷ তাৰ পিছত আমি BJP নেতৃত্বৰ সৈতে আলোচনা কৰিম ৷”


    শাসকীয় BJPয়ে পৌৰ নিগম আৰু পৌৰসভাৰ নিৰ্বাচনত মিত্ৰতা AGPৰে নকৰিলেও মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ AGPয়ে চেষ্টা কৰি যাব বুলি সদৰী কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

    Published by:Gautam Barman
    First published: