এআইইউডিএফ আৰু ৰাইজৰ দলৰ বিবাদ তুংগত উঠাৰ সময়তে এইবাৰ বিজেপিৰ এগৰাকী নেতায়ো এই সন্দৰ্ভত মুখ খুলিছে। ৰাইজ দল খুলিবলৈ AIUDF ৰ পৰা ধন বিচাৰিছিল বুলি ৰাইজৰ দলৰ নেতা অখিল গগৈক আক্ৰমণ কৰিছিল আমিনুল ইছলামে। ইছলামৰ মতে, কাৰাগাৰত থকা অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ধনৰ লেন দেনৰ কথা পাতিছিল অখিল গগৈয়ে ৷
AIUDFৰ বিধায়ক আমিনুল ইছলামৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া বিজেপিৰ পৱিত্ৰ মাৰ্ঘেটিতাৰ ৷ তেওঁৰ মতে, অখিল গগৈয়ে দিনত নীতি বচন গাই ৰাতি ধন দাবী কৰে । এই ঘটনা অসমৰ ৰাজনীতিৰ বাবে নিন্দনীয় আখ্যা মাৰ্ঘেৰিটাৰ।
ৰাজ্যৰ উপনিৰ্বাচনক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলে সাময়িকভাৱে AIUDFক আঁতৰাব বিচাৰিছে৷ এয়া মাথোঁ নিৰ্বাচনী কৌশল আখ্যা বিজেপিৰ৷ যিহেতু আগন্তুক ৰাজ্যৰ উপনিৰ্বাচনৰ ৬ সমষ্টিত AIUDFৰ কোনো প্ৰাধান্য নাই৷ সেয়ে AIUDFক আঁতৰ কৰি উপনিৰ্বাচনত জয় হোৱাৰ লক্ষ্য বিজেপিবিৰোধীৰ৷ মাৰ্ঘেৰিটাৰ মন্তব্য– বিৰোধীৰ এনে সপোন সপোন হৈয়ে থাকিব, সেয়া কেতিয়াও বাস্তৱায়িত নহয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|