বিজেপিৰ বৰপেটাৰোড মণ্ডল কমিটীৰ উদ্যোগত উলিওৱা এই বিজয় সমদলত প্ৰায় দুই শতাধিক বিজেপি কৰ্মী–সমৰ্থকে অংশ লয়৷
বিজেপিৰ বৰপেটাৰোড মণ্ডল কমিটীৰ উদ্যোগত উলিওৱা এই বিজয় সমদলত প্ৰায় দুই শতাধিক বিজেপি কৰ্মী–সমৰ্থকে অংশ লয়৷
বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ লগতে কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাত অসমতো বিজেপিয়ে ব্যাপক আনন্দ–উল্লাস কৰা পৰিলক্ষিত হৈছে৷ বিজেপি মিত্ৰজোটে বিহাৰৰ ক্ষমতা দখল কৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডতো বিজেপিয়ে বৃহৎ বিজয় সমদল উলিয়ায় ৷
বিজেপিৰ বৰপেটাৰোড মণ্ডল কমিটীৰ উদ্যোগত উলিওৱা এই বিজয় সমদলত প্ৰায় দুই শতাধিক বিজেপি কৰ্মী–সমৰ্থকে অংশ লয়৷ বিহাৰত বিজেপি আৰু মিত্ৰজোটৰ জয়ত বিজেপিৰ কৰ্মী–সমৰ্থকে চহৰখনত ফটকা–আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|