মুখ্যমন্ত্ৰীৰ সমষ্টিত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী জিন্দাবাদ, পঞ্চায়ত প্ৰতিনিধি মূর্দাবাদ ধ্বনিৰে শুকুৰবাৰে উত্তাল হ'ল শুৱালকুছি।
প্ৰচণ্ড গৰমত পূব শুৱালকুছি গাঁও পঞ্চায়ত কাৰ্য্যালয় ঘেৰাও কৰিলে এইসকল ক্ষুব্ধ মহিলাই। হাতে হাতে বিজেপিৰ দলীয় পতাকা লৈ প্ৰতিবাদ মহিলা সকলৰ। পঞ্চায়ত সভাপতি দিগন্ত দাস আৰু কাউঞ্চিলৰ পুলকেন্দ্ৰ পাটোৱাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এইসকল মহিলা বিজেপি কৰ্মীৰ। প্ৰকৃত হিতাধিকাৰীয়ে নাপাই আঁচনিৰ সুবিধা। ধনৰ বিনিময়ত হিতাধিকাৰী নিৰ্বাচনৰ অভিযোগ ৰাইজৰ। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীৰ পূব শুৱালকুছি গাঁও পঞ্চায়তত প্ৰতিটো আঁচনি ৰূপায়নতে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। দৰিদ্ৰ লোকক আঁচনি লাভৰ পৰা বঞ্চিত কৰি ধনৰ বিনিময়ত ধনী লোকক আঁচনি প্ৰদানৰ অভিযোগ। প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহ, অৰুনোদয় , উজ্বলা, সকলোতে দুৰ্নীতিৰ অভিযোগ। হিমন্ত বিশ্ব জিন্দাবাদ, পঞ্চায়ত প্ৰতিনিধি মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পূব শুৱালকুছিৰ এই সকল মহিলা বিজেপি কৰ্মীয়ে।
Published by: Kokil Sarma
FIRST PUBLISHED : July 23, 2021, 16:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।