ভবেশ কলিতাই কয় যে নগেন শইকীয়া এগৰাকী যথেষ্ট গুণী-জ্ঞানী ব্যক্তি, তেওঁ যি মন্তব্য কৰিছে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য। তেওঁ লগতে কয় যে সকলো ভাষাকে সন্মান কৰিব লাগে।
ভবেশ কলিতাই কয় যে নগেন শইকীয়া এগৰাকী যথেষ্ট গুণী-জ্ঞানী ব্যক্তি, তেওঁ যি মন্তব্য কৰিছে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য। তেওঁ লগতে কয় যে সকলো ভাষাকে সন্মান কৰিব লাগে।
বৰাক উপত্যকাত অসমীয়া ভাষাক অপমান কৰাক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে বৰাকক অসমৰ পৰা পৃথক কৰি দিব লাগে বুলি বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই মন্তব্। কৰাৰ পিছৰে পৰা এই প্ৰসংগই অধিক গতি লাভ কৰিছে। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগেন শইকীয়াৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পিছত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ৰাজ্যেক BJPৰ সভাপতি ভবেশ কলিতাই কয়, "সাধাৰণ ভুল এটাত আমি বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে।" এই মন্তব্য কৰি ভবেশ কলিতাই কয় যে নগেন শইকীয়া এগৰাকী যথেষ্ট গুণী-জ্ঞানী ব্যক্তি, তেওঁ যি মন্তব্য কৰিছে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য। তেওঁ লগতে কয় যে সকলো ভাষাকে সন্মান কৰিব লাগে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে বৰাকত অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ ছাইনবোৰ্ডত অসমীয়া শব্দবোৰৰ ওপৰত BDYF নামৰ এটা বাঙালী সংগঠনে ক'লা ৰং সানি 'বাংলা লিখক' বুলি লিখি (বৰাকত অসমীয়া ভাষা নচলিব) বুলি একপ্ৰকাৰ ফটোৱা জাৰি কৰিছিল। তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|