মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰিপুন বৰাক উভতি ধৰিলে বিজেপি সভাপতিয়ে, ক'লে " ৰিপুন বৰা ফ্ৰাষ্ট্ৰেটেড , কংগ্ৰেছ ICUত "

ৰিপুন বৰাক উভতি ধৰিলে বিজেপি সভাপতিয়ে, ক'লে " ৰিপুন বৰা ফ্ৰাষ্ট্ৰেটেড , কংগ্ৰেছ ICUত "

News18 Assam | News18-Assam
Updated:July 2, 2021, 6:42 PM IST
ৰিপুন বৰাক উভতি ধৰিলে বিজেপি সভাপতিয়ে, ক'লে
কেইদিনমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শুকুৰবাৰে পুনৰ কংগ্ৰেছত মোক্ষম আঘাত সানি গেৰুৱা বসন পিন্ধিলে জুৰি শৰ্মা বৰদলৈয়ে ৷

কেইদিনমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শুকুৰবাৰে পুনৰ কংগ্ৰেছত মোক্ষম আঘাত সানি গেৰুৱা বসন পিন্ধিলে জুৰি শৰ্মা বৰদলৈয়ে ৷

  • Share this:
ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে পিন্ধিছে এতিয়া গেৰুৱা বসন ৷ ৰূপজ্যোতি কুৰ্মীৰ পিছত এইবাৰ বিজেপিলৈ লগত ৫২ কংগ্ৰেছ কৰ্মীক লৈ কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈ ৷ দলীয় সতীৰ্থৰ দল ত্যাগ ৰোধত ব্যৰ্থ নেকি ৰিপুন বৰা? হয়তো এনে প্ৰশ্ন আপোনাৰ মনলৈও আহিছে ৷

ৰিপুন বৰাই কৈছিল  "কংগ্ৰেছৰ পৰা নেতা আহে আৰু নেতা যায় ৷ এয়া নতুন কথা নহয় ৷ এজন বিধায়কে দল ত্যাগ কৰাৰ লগতে কেইজনমানে দল এৰি গৈছে ৷ এই কথাকে সংবাদ মাধ্যমত তাছ পাতৰ দৰে কংগ্ৰেছ খহিল বুলি কোৱা হৈছে ৷ BJPৰ পৰাও আমাৰ তালৈ আহিছে ৷ এতিয়াৰ চৰকাৰত থকা মুখ্যমন্ত্ৰীজনো কংগ্ৰেছতে আছিল ৷ চন্দ্ৰমোহন পাটোৱাৰী AGPৰ পৰা যোৱা ৷ পিযুশ হাজৰিকা, দিগন্ত কলিতা, পল্লৱলোচন দাসো কংগ্ৰেছৰ পৰায়ে যোৱা ৷" লগে লগে উভতি ধৰিলে বিজেপিৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই ৷ ক'লে,'ৰিপুন বৰা ফ্ৰাষ্ট্ৰেটেড , কংগ্ৰেছ ICUত'।

কেইদিনমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ প্ৰকাশো কৰিছিল দীৰ্ঘদিন ধৰি থকা কংগ্ৰেছ দল আৰু নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ ৷ শুকুৰবাৰে পুনৰ কংগ্ৰেছত মোক্ষম আঘাত সানি গেৰুৱা বসন পিন্ধিলে জুৰি শৰ্মা বৰদলৈয়ে ৷ লগত পিন্ধালে আন ৫২জন কংগ্ৰেছীক গেৰুৱা বসন ৷ পিছে এনেবোৰ কথাক যেন নিৰ্বাচনৰ বিপৰ্যয়ৰ দৰেই এৰাইহে চলিছে সভাপতি ৰিপুন বৰাই ৷ শুকুৰবাৰে বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হ'ল জুৰি শৰ্মা বৰদলৈ ৷ বৰদলৈৰ ভয়ংকৰ অভিযোগ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ৷ "পূৰ্ববংগীয় মুছলমানৰ দল হোৱাৰ দিশে কংগ্ৰেছ, কংগ্ৰেছ নেতৃত্বৰ নাই দূৰদৰ্শিতা ৷"

ইফালে, বৃহস্পতিবাৰে কাৰামুক্ত হৈয়েই বিজেপিক উৎখাত কৰিম বুলি হুংকাৰ দিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈকো উভতি ধৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই, "বিজেপি অবিহনে অসমৰ , ভাৰতৰ ৰাজনীতি নচলিব। আৰু বহুত নেতা আহিব বিজেপিলৈ। অখিল গগৈ জেলত থাকিও কাম্পেইনিং কৰিছে ৷  নিৰ্বাচনত কিমান খৰছ কৰিছে হিচাপ চালে গম পাব ৷ অসম হাতাও  কৈছে লোকসভা আহি আছে, চাওঁ কাৰ কিমান শক্তি আছে, নিজে হাৰি থাকিব অখিল ৷"
Published by: Kokil Sarma
First published: July 2, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি