‘মোৰ মাতৃও শংকিত হৈ পৰিছিল’- পহিলা জানুৱাৰীৰ দিনটোত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসৰ তাত্পৰ্যপূৰ্ণ মন্তব্য

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসৰ সংবাদমেল
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসৰ সংবাদমেল
- News18 Assam
- Last Updated: January 1, 2021, 12:47 PM IST
ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত বিজেপিৰ বাৰ্তা আলোচনী উন্মোচন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসে ৷ অনুষ্ঠানতে সংবাদ মাধ্যমত কৰ্মৰত সকলো কৰ্মীক নৱবৰ্ষৰ শুভকামনা জনাই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ আগন্তুক নিৰ্বাচনকলৈ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰে দলৰ সভাপতিগৰাকীয়ে ৷
সংবাদমেলত ৰণজিত্ দাসে কয় যে,‘ বিজেপিয়ে পূৰ্বে প্ৰদান কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছে ৷ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ যদিও আইনী মেৰপাকৰ বাবে NRC বাস্তবায়িত কৰিব পৰা নাই ৷ কোনো কাৰণত ভাৰতীয় এগৰাকী ভাৰতীয়ৰ নাম কৰ্তন হ’ব নোৱাৰে ৷ চৰকাৰে ১০০ শতাংশ পুনৰীক্ষণৰ দাবী কৰিছিল, কিন্তু সেয়া নহ’ল ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সম্পূৰ্ণ দায়িত্ব দিলে আমি কাম সম্পূৰ্ণ কৰিম।’