প্ৰণৱ গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰত ফুলিব পদুম! উজনী অসমত ৰণশিঙা বিজেপি সভাপতিৰ

আগন্তুক শিৱসাগৰ বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপি কাৰ্যকৰ্তাক সাজু হোৱাৰ আহ্বান ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ।
আগন্তুক শিৱসাগৰ বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপি কাৰ্যকৰ্তাক সাজু হোৱাৰ আহ্বান ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ।
- News18 Assam
- Last Updated: February 20, 2020, 12:42 PM IST
"কাৰ্যকৰ্তা সকলেই ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন আৰু শক্তিৰ আধাৰ । সংগঠনৰ এই শক্তিয়েই সকলো সফলতাৰ মূল । শিৱসাগৰ বিধান সভা সমষ্টিৰ আগন্তুক উপনিৰ্বাচনতো সমষ্টিটোৰ সমৰ্পিত কাৰ্যকৰ্তা সকলৰ শক্তিৰেই ভাৰতীয় জনতা পাৰ্টি অৱতীৰ্ণ হ'ব ।"
মঙলবাৰে শিৱসাগৰত অনুষ্ঠিত সাংগঠনিক সভাত কাৰ্যকৰ্তা সকলক আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে সাজু হ'বৰ বাবে আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ মঙলবাৰে শিৱসাগৰৰ সভাত স্থানীয় সাংসদ তপন কুমাৰ গগৈ, ৰাজহ মন্ত্ৰী যোগেন মহন,থাওৰাৰ বিধায়ক কুশল দুৱৰী,সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈ,ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,জনতা যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুৱঁৰী প্ৰমুখ্যে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকল উপস্থিত আছিল।