News18 AssamNews18 Assam
|
News18-Assam Updated:May 17, 2020, 10:17 PM IST
কোৰোণা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই সন্তুষ্টি প্ৰকাশ কৰে।
কোৰোণা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই সন্তুষ্টি প্ৰকাশ কৰে।
দেওবাৰে গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ক'ৰ কমিটীৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা কোভিড-১৯ সম্পৰ্কত দুঘণ্টাজোৰা বিশদ আলোচনা কৰা হয়৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰে ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত ৰাজ্যিক ক'ৰ কমিটীৰ এই বৈঠকত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ক'ৰ কমিটীৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
বিশেষতঃ এই বৈঠকত সমসাময়িক ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ লগতে কোৰোণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ ওপৰত সবিশেষ আলোচনা কৰা হয়। এই বৈঠকত আগন্তুক বিটিএডিৰ নিৰ্বাচন, পৌৰসভাৰ লগতে সম্ভাৱ্য নিৰ্বাচনসমূহৰ ওপৰত পৰ্যালোচনা কৰা হয়।
পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে সমষ্টিভিত্তিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে বিধায়কসকলৰ পাৰ্ফৰ্মেন্সৰ মূল্যায়ন কৰাৰ আহ্বান জনায়। কোৰোণা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই সন্তুষ্টি প্ৰকাশ কৰি দল আৰু চৰকাৰক এই কাৰ্যত অবিৰতভাৱে নিয়োজিত হৈ থাকিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ, ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা আৰু উত্তৰ-পূব সংগঠন মন্ত্ৰী অজয় জামোৱালে অংশগ্ৰহণ কৰা এই বৈঠকত ৰাজ্যৰ বিত্ত-স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয় বিজয়া চক্ৰৱৰ্তী আৰু ৰাজেন গোহাঁই, ৰাজ্যিক উপ–সভাপতি বিজয় গুপ্তা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু ড০ ৰাজদ্বীপ ৰয়ো উপস্থিত আছিল।