• Home
  • »
  • News
  • »
  • assam
  • »
  • কংগ্ৰেছ এতিয়া নচলা দুটকীয়া নোট ! শিমলুগুৰিৰ পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত মন্তব্য ভৱেশ কলিতাৰ ...

কংগ্ৰেছ এতিয়া নচলা দুটকীয়া নোট ! শিমলুগুৰিৰ পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত মন্তব্য ভৱেশ কলিতাৰ ...

৬ মাৰ্চত ৰাজ্যত অনুস্থিত হ'ব পৌৰসভা নিৰ্বাচন। পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলৰ নেতা কৰ্মী ৷ ব্যতিক্ৰম নহয় নাজিৰা মহকুমাৰ শিমলুগুৰি পৌৰসভাও।

  • Share this:
সমাগত পৌৰসভা নিৰ্বাচন। অহা ৬ মাৰ্চত ৰাজ্যত অনুস্থিত হ'ব পৌৰসভা নিৰ্বাচন। পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলৰ নেতা কৰ্মী ৷ ব্যতিক্ৰম নহয় নাজিৰা মহকুমাৰ শিমলুগুৰি পৌৰসভাও। নাজিৰাৰ শিমলুগুৰি পৌৰসভাত প্ৰতিটো শাসক-বিৰোধী দলে চলাইছে পৌৰসভা নিৰ্বাচনী প্ৰচাৰ।

শিমলুগুৰি পৌৰসভাত আজি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই ৷ প্ৰচাৰ সভাত ভৱেশ কলিতাৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰূপম গোস্বামী, তেৰচ গোৱালাৰ লগতে বহুকেইজন  বিজেপি নেতাই৷ শিমলুগুৰিৰ লগতে নাজিৰা পৌৰসভাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি সভাপতি ভৱেশ কলিতাই তীব্ৰ সমালোচনা কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক। ভাৰতীয় জাতীয় কংগ্ৰেছ দলক দুটকীয়া নোটৰ লগত তুলনা কৰে। দুটকীয়া নোট যেনেকৈ নচলা হ'ল তেনেকৈ কংগ্ৰেছ দলৰ অৱস্থাও তেনেকুৱা বুলি মন্তব্য কৰে ভৱেশ কলিতাই৷ কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত নাজিৰা সমষ্টিত ৰাইজে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক বিদায় দিব বুলিও কয় ভৱেশ কলিতাই।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি