অসম আৰু উত্তৰ-পূবত এজনো বিদেশী নাথাকিব, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীতি আছে : অমিত শ্বাহ

কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ভবনেশ্বৰ কলিতা পুনৰ ৰাজ্যসভাৰ পৰা জিকি আহিব বুলিও NEDAৰ সমাৰোহত মন্তব্য কৰে অমিত শ্বাহে।

News18-Assam
Updated:September 9, 2019, 3:50 PM IST
অসম আৰু উত্তৰ-পূবত এজনো বিদেশী নাথাকিব, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীতি আছে : অমিত শ্বাহ
কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ভবনেশ্বৰ কলিতা পুনৰ ৰাজ্যসভাৰ পৰা জিকি আহিব বুলিও NEDAৰ সমাৰোহত মন্তব্য কৰে অমিত শ্বাহে।
News18-Assam
Updated: September 9, 2019, 3:50 PM IST
গুৱাহাটীত অনুষ্ঠিত NEDAৰ সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কয় যে উত্তৰ–পূবত NDAৰ পৰিসৰ বৃদ্ধি কৰিবলৈ NEDA গঠন কৰা হৈছিল। ২০১৬ চনত গঠিত NEDA আজি বটবৃক্ষৰ ৰূপ লৈছে। ২০১৪লৈ উত্তৰ–পূবত কংগ্ৰেছে নিজৰ নিজৰ মাজতে সংঘাত কৰিছিল। সন্ত্ৰাসবাদী সমস্যাৰ সমাধান কৰা নাছিল কংগ্ৰেছে। দুই ফালৰ পৰা তেল ঢালি জুই জ্বলাইছিল কংগ্ৰেছে।

কংগ্ৰেছৰ ‘ডিভাইড এণ্ড ৰুল’ পলিচীৰ বাবে বিছিন্নতাবাদ গঢ়ি উঠিছিল। কেৱল নিৰ্বাচনত জয়ী হ’বলৈ NEDA গঠন কৰা হোৱা নাছিল, ভাষা, জনজাতি, সংস্কৃতি ৰক্ষা আৰু সংৰক্ষণৰ বাবে গঠিত হৈছিল NEDA। উত্তৰ–পূবৰ ভূ–সংস্কৃতি ৰক্ষা কৰিবৰ বাবে NEDA গঠন হৈছিল। নিজৰ ভাষণত এই মন্তব্য কৰে অমিত শ্বাহে।

কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ভবনেশ্বৰ কলিতা পুনৰ ৰাজ্যসভাৰ পৰা জিকি আহিব বুলিও NEDAৰ সমাৰোহত মন্তব্য কৰে অমিত শ্বাহে।

উত্তৰ–পূবক ভাৰতৰ হাওঁফাওঁ আখ্যা দি আমিত শ্বাহে কয় – উত্তৰ–পূবে দেশক অক্সিজেন দিয়ে। NRCত বিদেশী সোমোৱা বুলি অভিযোগ আহিছে। অসম আৰু উত্তৰ পূবত নাথাকিব এজনো বিদেশী। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীতি আছে। এই সন্দৰ্ভত আলোচনাৰ প্ৰয়োজন আছে। উত্তৰ–পূবত অনুচ্ছেদ ৩৭১ (ক) বাহাল থাকিব বুলিও মন্তব্য কৰে অমিত শ্বাহে।

CABৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে ৩৭১(ক) ধাৰাৰ ওপৰত CABৰ প্ৰভাৱ নপৰে। CAB আনিলে জনজাতীয় ৰাজ্যৰ কোনো অসুবিধা নহয়। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা সকলৰ বাবেহে নাগৰিকত্ব সংশোধনী বিধেয়ক।

বান সমস্যা সমাধানৰ ক্ষেত্ৰত ৮ ৰাজ্য একত্ৰিত হ’ব লাগে বুলিও মন্তব্য কৰে অমিত শ্বাহে। প্ৰতিগৰাকী মুখ্যমন্ত্ৰীকে পৰিকল্পনা হাতত ল’বলৈ আহ্বান জনায় বিজেপিৰ সভাপতিগৰাকীয়ে। কেন্দ্ৰই সমস্যা সমাধান কৰিব বুলিও মন্তব্য কৰে অমিত শ্বাহে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি