মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Majuli By Election: আসন্ন মাজুলীৰ উপ নিৰ্বাচন, কোন হ'ব BJPৰ প্ৰাৰ্থী, চৰ্চাত কোন তিনি নেতা?

Majuli By Election: আসন্ন মাজুলীৰ উপ নিৰ্বাচন, কোন হ'ব BJPৰ প্ৰাৰ্থী, চৰ্চাত কোন তিনি নেতা?

News18 Assam | News18-Assam
Updated:July 8, 2021, 8:17 PM IST
Majuli By Election: আসন্ন মাজুলীৰ উপ নিৰ্বাচন, কোন হ'ব BJPৰ প্ৰাৰ্থী, চৰ্চাত কোন তিনি নেতা?
চৰ্চাত সাংসদ প্ৰদান বৰুৱা (Pradan Barua), ব্যৱসায়ী ভূৱন গাম (Bhuaban Gam) আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)ৰ নাম।

চৰ্চাত সাংসদ প্ৰদান বৰুৱা (Pradan Barua), ব্যৱসায়ী ভূৱন গাম (Bhuaban Gam) আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)ৰ নাম।

  • Share this:
বুধবাৰে ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)এ ৷ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাৰ পিছতে এতিয়া ব্যাপক চৰ্চাত মাজুলী উপ নিৰ্বাচন (Majuli By Election)ৰ বিষয় ৷ কোন হ'ব মাজুলীত BJPৰ প্ৰাৰ্থী?

BJP দলৰ ভিতৰে বাহিৰে চলা এই চৰ্চাত নাম ওলাইছে লোকসভাৰ সাংসদ প্ৰদান বৰুৱা (Pradan Barua)ৰ নাম ৷ নাম উচ্চাৰিত হৈছে ব্যৱসায়ী ভূৱন গাম (Bhuaban Gam)ৰ ৷ একেদৰে নাম উচ্চাৰিত হৈছে মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱ লোচন পেগু (Rajib Lochan Pegu)ৰ ৷

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰি অসমৰ পৰা খালী হৈ থকা ৰাজ্যসভা (RajyaSabha)ৰ আসনৰ পৰাই জয়ী হৈ যাবলৈ প্ৰস্তুতি চলাইছে ৷ ইয়াৰ লগে লগে মাজুলীৰ বিধানসভা আসনত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ৷

মাজুলীৰ উপ নিৰ্বাচনত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ আহিলে ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ কেবিনেটত মন্ত্ৰীত্ব পোৱাৰ সম্ভৱনা আছে ৷ কিন্তু ব্যৱসায়ী ভূৱন গামেও মাজুলীৰ পৰা টিকট বিচাৰিছে বুলি চৰ্চা হৈছে ৷ ২০১৬ৰ নিৰ্বাচনত মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱালে জয়ী হৈ অহাৰ সময়ত দেহেকেহে খাটিছিল ব্যৱসায়ী ভূৱন গামে ৷ ইয়াৰ প্ৰতিদান হিচাপে সৰ্বানন্দ সোণোৱালৰ পৰা এইবাৰৰ উপ নিৰ্বাচনত ভূৱন গামে বিচাৰিছে BJPৰ পৰা টিকট ৷

ইপিনে সৰ্বানন্দ সোণোৱালৰ দিল্লী গমনৰ পিছতে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰি এঢাপ BJP মুখী হৈছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱ লোচন দাসে ৷ BJPৰ পৰা টিকট পোৱাৰ প্ৰতিশ্ৰুতি পালেই দল ত্যাগ কৰি BJPত যোগ দিব ৰাজীৱ লোচন পেগুয়ে ৷ অৱশ্যে এইক্ষেত্ৰত BJPৰ কেন্দ্ৰীয় নেতৃত্বক কোনে সৈমান কৰাব পাৰিব; সেয়া এতিয়াই ক'ব নোৱাৰি ৷ এইক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেতৰ নিশ্চিতকৈ প্ৰয়োজন হ'ব ৷
Published by: Manjumoni Borah
First published: July 8, 2021, 8:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি