তৰুণ গগৈৰ অবৰ্তমানত তিতাবৰ সমষ্টিক লৈ তৎপৰ বিজেপি, তিতাবৰত কোনে লাভ কৰিব বিজেপিৰ টিকট?

News18 Assam | News18-Assam
Updated:January 12, 2021, 12:01 PM IST
তৰুণ গগৈৰ অবৰ্তমানত তিতাবৰ সমষ্টিক লৈ তৎপৰ বিজেপি, তিতাবৰত কোনে লাভ কৰিব বিজেপিৰ টিকট?
বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও তিতাবৰ সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও তিতাবৰ সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ চাৰিটা কাৰ্যকালৰ বিধায়ক তৰুণ গগৈৰ অবৰ্তমানত আগন্তুক নিৰ্বাচনৰ বাবে তিতাবৰ সমষ্টিক লক্ষ্য কৰি লৈছে বিজেপি দলে। কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত তিতাবৰৰ বাবে এইবাৰ বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। ইতিমধ্যে বিজেপিয়ে তিতাবৰত জোৰদাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈৰ অবৰ্তমানত তিতাবৰবাসীয়ে এইবাৰ বিজেপিক ভোট দিব বুলি মত ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে।বৰহোলা কলাকুঞ্জ ভৱন প্ৰাংগণত দেওবাৰে বিজেপিৰ এখন বৃহৎ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। এই সভাত মিত্ৰ দল অগপৰ কৰ্মী–সমৰ্থকৰ লগতে বহু হাজাৰ দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে।

সভাত অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত তিতাবৰীয়া ৰাইজে ৰাইজৰ তথা সমষ্টিৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক ভোট দিব বুলি মত ব্যক্ত কৰে। পূৰ্বে তিতাবৰৰ ৰাইজে তৰুণ গগৈকহে ভোট দিছিল, কংগ্ৰেছ দলক ভোট দিয়া নাছিল বুলিও মন্তব্য কৰি বিজেপি সভাপতিগৰাকীয়ে আৰু কয় যে তিতাবৰ সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ প্ৰাৰ্থীয়েই জয়ী হ'ব। বিজেপিয়ে অসমৰ ১০৩খন আসন নিজাববীয়াকৈ নিশ্চিতভাৱে লাভ কৰিব বুলি কোৱাৰ উপৰি বিজেপিৰ মিছন ১০০ বাস্তৱত ৰূপায়িত হ'ব বুলিও জানিবলৈ দিয়ে ৰঞ্জিত দাসে। আনহাতে, নতুন ৰাজনৈতিক দলসমূহে ভোট লাভ কৰিব পাৰে কিন্তু নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বুলি মত ব্যক্ত কৰে ৰণজিত দাসে।

"বৰ্তমান ৰাইজ আৱেগেৰে পৰিচালিত নহয়। নিজৰ বিচাৰ-বিবেচনাৰে ৰাইজে ভোটদান কৰে। গতিকে নতুন ৰাজনৈতিক দলসমূহে নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। তিতাবৰত বহু লোকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক ভোট দিছিল। কিন্তু তেখেতৰ অবৰ্তমানত বৰ্তমান দল চাইহে ভোট দিব।", বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে এনেদৰে কয়।

এনেদৰেই বৰ্তমান যোৰহাট জিলাৰ বিগত ২০ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিত বিজেপিৰ বিজয়ধ্বজা উৰুৱাবলৈ তৎপৰ হৈ পৰিছে বিজেপি। আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ দৌৰত দুজন লোকৰ নাম চৰ্চাত আছে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী আৰু তিতাবৰৰ ভুতপূৰ্ব বিধায়ক হেমন্ত কলিতাৰ নাম বিজেপিৰ পৰা টিকট প্ৰত্যাশী লোকসকলৰ নামৰ শীৰ্ষত আছে।

আনহাতে, বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও তিতাবৰ সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। কিন্তু এই সকলোবোৰৰ মাজত তিতাবৰবাসী ৰাইজে কিন্তু বাৰুকৈয়ে অভাৱ অনুভৱ কৰিব তেওঁলোকৰ প্ৰিয় প্ৰাক্তন বিধায়ক তৰুণ গগৈৰ অনুপস্থিতি।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 12:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading