বিজেপিময় হ’ল জাগীৰোডৰ ঐতিহাসিক জোনবিল মেলা

সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ জোনবিলৰ মূল পথ বা বিভিন্ন উপ–পথ বা চুকে–কোনে সকলোতে আৰিছে বিজেপি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা তথা মন্ত্ৰী–বিধায়কৰ ফটো৷
সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ জোনবিলৰ মূল পথ বা বিভিন্ন উপ–পথ বা চুকে–কোনে সকলোতে আৰিছে বিজেপি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা তথা মন্ত্ৰী–বিধায়কৰ ফটো৷
- News18 Assam
- Last Updated: January 22, 2021, 2:47 PM IST
বিশেষকৈ ৰাজহুৱা স্থান বা অনুষ্ঠানত ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ হৰ্ডিং লগোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে যেন শাসকীয় বিজেপি দলৰ বাবে জোনবিল মেলা হৈ পৰিছে প্ৰচাৰৰ এক মাধ্যম৷ শাসকীয় দল বা চৰকাৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি বিজেপি দলে ঐতিহাসিক জোনবিল মেলাক প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে সচেতন মহলৰ৷
সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ জোনবিলৰ মূল পথ বা বিভিন্ন উপ–পথ বা চুকে–কোনে সকলোতে আৰিছে বিজেপি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা তথা মন্ত্ৰী–বিধায়কৰ ফটো৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকাকে আদি কৰি এফালৰ পৰা আৰি দিয়া হৈছে সকলোৰে ফটো৷ আনকি তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰো ডাঙৰ ডাঙৰ হৰ্ডিং দেখা পোৱা গৈছে জোনবিলত৷ যাক লৈ এতিয়া তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলালৈ অহা প্ৰতিজন লোকৰ বাবে সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিজেপি দল৷
এইবেলি বিনিময় প্ৰথা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ ইয়াৰ সমান্তৰালকৈ জোনবিলত চলিল সমূহীয়া মাছধৰা প্ৰথা। হাতে হাতে জাল-জুলুকি-হকা আদি লৈ বিলত নামিল জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে শত সহস্ৰজন। ইয়াৰ পিছতে মেলাথলীত অনুষ্ঠিত হয় গোভা দেওৰজাৰ ৰাজদৰবাৰ। য’ত উপস্থিত থাকে মধ্য অসমৰ ১৮ গৰাকীকৈ তিৱা ৰজা।
এই ৰাজদৰবাৰতে ১৮ গৰাকী তিৱা ৰজাক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয় ১ লাখ টকাকৈ ৰাজভাট্টা৷ তৃতীয় দিনা মেলাথলীত পৰম্পৰাগত কৰ সংগ্ৰহৰ পিছতে সামৰণি পৰিব ২১, ২২ আৰু ২৩ জানুৱাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জোনবিল মেলাৰ৷