আছুৰ CAA বিৰোধী প্ৰতিবাদৰ পিছত আজি হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন

News18 Assam | News18-Assam
Updated:December 29, 2019, 9:17 AM IST
আছুৰ CAA বিৰোধী প্ৰতিবাদৰ পিছত আজি হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন
শান্তি আৰু উন্নয়নৰ শ্লোগানেৰে আজি শুৱালকুছিত বিজেপিৰ জনসমাবেশ আৰু শান্তি সমদল

শান্তি আৰু উন্নয়নৰ শ্লোগানেৰে আজি শুৱালকুছিত বিজেপিৰ জনসমাবেশ আৰু শান্তি সমদল

  • Share this:
শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ স্বৰূপ, গৃহ সমষ্টি জালুকবাৰীত সদৌ অসম ছাত্ৰ সন্থা, ৩০ টা জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজে আয়োজন কৰিলে বৃহৎ জনসমাবেশ।



নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমাবেশক প্ৰত্যাহ্বান জনাই আজি বিজেপিয়ে আয়োজন কৰিছে  শান্তি আৰু উন্নয়নৰ শ্লোগানেৰে জনসমাবেশ আৰু শান্তি সমদল। অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বই। ইতিমধ্যে ছচিয়েল মিডিয়া যোগে বিজেপিৰ সমদলত ভাগ ল’বলৈ সকলোকে আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি