সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ আৰু এখোজ আগবাঢ়িল বিজেপি দল। সৌ সিদিনালৈকে ছিকিমৰ ৰাজনীতিত কোনো ধৰণৰ প্ৰভাৱ নথকা বিজেপি এতিয়া ৰাজ্যখনৰ প্ৰধান বিৰোধী দল! মঙলবাৰে এজন দুজন নহয়, পৱন চামলিঙৰ সংগ এৰি বিজেপিত যোগদান কৰিলে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ১৪ গৰাকী বিধায়কে। বিজেপি নেতা ৰাম মাধৱৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰে SDFৰ বিধায়কসকলে। মুঠ ১৫ গৰাকী বিধায়কৰ ভিতৰত পৱন চামলিঙৰ বাদে আন আটাইকেইগৰাকীয়ে যোগ দিলে বিজেপি দলত।
ইতিমধ্যে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাত চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পিছত এতিয়া ছিকিমত চৰকাৰ গঠনৰ দিশে ক্ৰমাৎ আগবাঢ়ি গৈছে বিজেপি দল। মিজোৰামক বাদ দি নাগালেণ্ড, মেঘালয় আৰু মণিপুৰতো আছে বিজেপিৰ সহযোগী দলৰে চৰকাৰ।
ভাৰতীয় সংবিধানৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ পিছতে এতিয়া সকলো অধিক আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি। হঠাৎ দেশ ভক্তিত গদ গদ হৈ পৰা একাংশ ৰাজনৈতিক দলৰ নেতাৰ বিজেপি গমনে এতিয়া দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে!
উল্লেখযোগ্য যে বিজেপিয়ে উত্তৰ–পূৰ্বাঞ্চলত নিজৰ শক্তি বৃদ্ধি কৰিবলৈ নেডাৰ জন্ম দিয়াৰ পিছতে উত্তৰ–পূৱৰ আটাইকেইখন ৰাজ্যতে দলটোৱে নিজৰ শক্তিশালী ভেটি স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|