• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP|Dibrugarh: ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত বিষয়ববীয়া সভা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত টাৰ্গেত ২০২৪

BJP|Dibrugarh: ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত বিষয়ববীয়া সভা, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত টাৰ্গেত ২০২৪

ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিটত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত বিষয়ববীয়া সভা। সভাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে কৰি বহু সংখ্যক বিধায়ক, বিভিন্ন পৰ্য্যায়ৰ বিজেপিৰ বিষয়ববীয়া ।

  • Share this:
লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন । ২০২৪ৰ লোকসভা (Loksabha Election 2024)ৰ বাবে এতিয়াই কঁকালত টঙালি বন্ধিছে বিজেপি (BJP) দলে। আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ বৰ্ধিত বিষয়ববীয়া সভা । ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিটত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিকে ধৰি আন বহু বিষয় ববীয়া।

আগন্তুক দিনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালি কৰাৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এই সভাত । ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত লোৱা সিদ্ধান্তসমূহ অৱগত কৰাৰ লগতে কেনেকৈ কাৰ্যকৰী কৰিব পৰা যায় সেই সন্দৰ্ভটো আলোচনা কৰা হয় ।

ইফালে, ২০২৪ বৰ্ষৰ লোক সভা নিৰ্বাচনৰ বাবে একপ্ৰকাৰ ৰণ কৌশলো তৈয়াৰ কৰা হয় এই সভাত । কেনেকৈ ৰাজ্যত এই নিৰ্বাচনত সকলো আসন লাভ কৰিব পৰা হয় তাৰ ৰণ নীতি তৈয়াৰ কৰাৰ লগতে ৰাজ্যৰ নানা সমস্যাক লৈ আলোচনা কৰা হয় সভাখনত । বানে জুৰুলা কৰা ৰাইজক কেনেদৰে সকাহ দিব পৰা যায় সেই সন্দৰ্ভটো আলোচনা কৰা হয়। বিজেপিৰ সেৱা আৰু সংগঠন কাৰ্যসূচী কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় তাক লৈ বিশদ ভাৱে আলোচনা কৰা হয় বিজেপিৰ বিষয়ববীয়া সভাত।

ডিব্ৰুগড়ত বিষয়ববীয়া সভাৰ পিছতে ডিব্ৰুগড় আৰু লাহোৱাল সমষ্টিৰ ৯০ টা বুথ কেন্দ্ৰত বুথ সভা অনুষ্ঠিত হৈছে । ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি অন্যান্য বিষয় ববীয়াসকলে বুথে বুথে গৈ সভাত অংশগ্ৰহন কৰিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি