உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • New Year|BJP: নতুন বছৰৰ প্ৰথম তিনি মাহতে তিনিটা 'ক' শক্তিশালী কৰাৰ পণ ল'লে বিজেপিয়ে

    New Year|BJP: নতুন বছৰৰ প্ৰথম তিনি মাহতে তিনিটা 'ক' শক্তিশালী কৰাৰ পণ ল'লে বিজেপিয়ে

    জানুৱাৰী,ফেব্ৰুৱাৰী,মাৰ্চত বিজেপিয়ে ল'ব তিনিটা উইকেট ৷ এপ্ৰিলতো দখল কৰিব নিৰ্বাচনী উইকেট ৷ 

    জানুৱাৰী,ফেব্ৰুৱাৰী,মাৰ্চত বিজেপিয়ে ল'ব তিনিটা উইকেট ৷ এপ্ৰিলতো দখল কৰিব নিৰ্বাচনী উইকেট ৷ 

    জানুৱাৰী,ফেব্ৰুৱাৰী,মাৰ্চত বিজেপিয়ে ল'ব তিনিটা উইকেট ৷ এপ্ৰিলতো দখল কৰিব নিৰ্বাচনী উইকেট ৷ 

    • Share this:
    নতুন বছৰৰ প্ৰথমটো দিনতে বিজেপিয়ে ল'লে তিনিটা 'ক' শক্তিশালী কৰাৰ পণ ৷২০২২বৰ্ষত বিজেপিয়ে শক্তিশালী কৰিব কাৰ্যালয়, কাৰ্যকৰ্তা আৰু কোষ ৷ আনহাতে,নিৰ্বাচনত হেট্ৰিক কৰিব বুলিও সদম্ভ ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷

    পিছে, বিজেপিয়ে এই হেট্ৰিক কৰিব ক'ত? সেই কথাও কৈছে ভৱেশ কলিতাই ৷ চলিত মাহৰ ২০ জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যে ১৭খন আসনত নিজে প্ৰতিদ্বন্দিতা কৰি ৫খন আসন এৰি দিছে মিত্ৰদল অসম গণ পৰিষদক ৷ বিজেপিৰ দাবী ঠেঙাল কছাৰীৰ ২২খন আসনেই থাকিব বিজেপি মিত্ৰজোঁটৰ দখলত ৷

    ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ মতে, জানুৱাৰীত প্ৰথম সফলতা লৈ ফেব্ৰুৱাৰীত পৌৰসভাৰ নিৰ্বাচনতো সফল হ'ব বিজেপি ৷ ভৱেশ কলিতাই বছৰৰ প্ৰথমটো দিনতে কৰা আন এক দাবী মাজুলীৰ উপ-নিৰ্বাচন ৷ মাৰ্চত হ'বলগীয়া মাজুলীৰ উপ নিৰ্বাচনতো জয়ী হৈ বছৰৰ প্ৰথম তিনিটা মাহতে গেৰুৱা দলটোৱে হেট্ৰিক কৰিব বুলি সদম্ভ ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে।

    ইফালে এপ্ৰিলত হ'বলগীয়া গুৱাহাটী শিলচৰ ডিব্ৰুগড় পৌৰ নিগমৰ নিৰ্বাচনতো জয়ী হ'ব বুলি ক'লে ভৱেশ কলিতাই ৷ অৱশ্যেই ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে বিজেপিত যোগদান কৰিবনে নাই সেই ক্ষেত্ৰতো মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল ভৱেশ কলিতা ৷

    উল্লেখ্য যে, বিজেপিয়ে বছৰৰ প্ৰথমটো দিনতে আৰম্ভ কৰিছে সহযোগ নিধি ৷ দলীয় পুজি সংগ্ৰহৰ বাবে আনুষ্ঠানিকভাৱে প্ৰথমখন কুপন দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ চলিত বৰ্ষতে তিনিটা বিন্দু অৰ্থাৎ তিনিটা 'ক' সফল কৰিবলৈ বদ্ধ পৰিকৰ দলটো ৷ য'ত থাকিব শক্তিশালী দলীয় কাৰ্যালয়, বৃদ্ধি কৰিব কাৰ্যকৰ্তা আৰু শক্তিশালী কৰিব কোষ ৷ শনিবাৰে সহযোগ নিধিৰ আৰম্ভণি কৰাৰ লগতে নাট্যকাৰ জিতেন শৰ্মাৰ সম্পাদনাত বিজেপি বাৰ্তা উন্মোচন কৰিলে সভাপতি ভৱেশ কলিতাই ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: