সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা এক বিশেষ কাৰ্যসূচীৰ বাবে অসমলৈ আহিব। জানিব পৰা মতে বিয়লি ৪ বজাত বৰঝাৰস্থিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়লৈ যাত্ৰা কৰিব। দেৱালয়ত কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণৰ পাছতেই তেখেতে উজানবজাৰলৈ যাব। বিয়লি ৪ বাজি ৩০ মিনিটত তেখেতে উজানবজাৰস্থিত বিজেপি উত্তৰ-পূৱ কাৰ্যালয় "পদ্ম ভৱন"ৰ শুভাৰম্ভণি কৰিব।
উল্লেখ্য যে, এই শুভাৰম্ভনি অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু চাৰিগৰাকী মুখ্যমন্ত্ৰীৰ লগতে ৮ গৰাকী জিলা সভাপতিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, পদ্ম ভৱনৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সভাপতিজনে বিয়লি ৫ বজাত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত এখন কাৰ্যকৰ্তাৰ সভাও সম্বোধন কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ অসম ভ্ৰমণক লৈ সম্প্ৰতি দলটোৰ কৰ্মকৰ্তাসকলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 29, 2022, 14:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|