উত্তৰ গুৱাহাটীত বুধবাৰৰ পৰা দুদিনীয়াকৈ হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক৷ কাৰ্যনিৰ্বাহকত ভাগ ল'বৰ বাবেই অসমলৈ দুদিনৰ বাবে আহি আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ৷ কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী পৱন শৰ্মা, অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
এই কাৰ্যনিৰ্বাহকত ভাগ ল'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সকলো মন্ত্ৰী সাংসদ তথা কাৰ্যনিৰ্বাহক সদস্যই ৷ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ভৱেশ কলিতাৰ কাৰ্যকালৰ প্ৰথমখন কাৰ্যনিৰ্বাহক দুদিনীয়াকৈ অনুষ্ঠিত হ'ব উত্তৰ গুৱাহাটীত, য'ত প্ৰত্যেকগৰাকী প্ৰাক্তন সভাপতিয়ে দলীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ ঘটাব কাৰ্যনিৰ্বাহকখনৰ ৷
কাৰ্যনিৰ্বাহক বৈঠকৰ পূৰ্বে আমিনগাঁৱত হ'ব বিষয়ববীয়া বৈঠক ৷ পুৱা দহ বজাত হ'ব এই বৈঠক ৷ বৈঠকত উপস্থিত থাকিব সকলো বিষয়ববীয়া ৷ বিয়লি ২বজাত উত্তৰ গুৱাহাটীত আৰম্ভ হ'ব কাৰ্যনিৰ্বাহক বৈঠক ৷ আমাৰ হাতত থকা খবৰ অনুসৰি, কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনটোতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী পৱন শৰ্মাই কাৰ্যনিৰ্বাহকক উদ্দেশ্যি কৰিব মাৰ্গ দৰ্শন ৷
জানিব পৰা মতে, মিউনিচিপালিটী নিৰ্বাচনৰ কথাই স্থান পাব বৈঠকত ৷ যি কথা উত্থাপন কৰিব মন্ত্ৰী অশোক সিংহলে ৷ যি প্ৰস্তাৱৰ আলোচনাত ভাগ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় ভূঞাই ৷ বৈঠকত চৰকাৰে কৰা দুৰ্নীতিবিৰোধী কাম–কাজ, সংস্কাৰৰ কথাক লৈ ধন্যবাদসূচক প্ৰস্তাৱ থাকিব ৷ এই প্ৰস্তাৱত ভাগ ল'ব দেৱলাল গাৰ্লোছাকে ধৰি অন্যান্যই ৷
কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে জলজীৱন আঁচনিক লৈ কাইলৈ অডিঅ' ভিজুৱেল প্ৰেজেণ্টেচন দিব মন্ত্ৰী ৰঞ্জিত দাসে ৷ খবৰ অনুযায়ী, নিশা ৯ বাজি ২০ মিনিটত ভাষণ ৰাখিব সৰ্বানন্দ সোণোৱালে ৷ নিশা ১০ বজাত মুখ্যমন্ত্ৰীকে ধৰি জিলা সভাপতি, প্ৰভাৰীৰে সৈতে আছুতীয়াকৈ পুনৰ বৈঠকত মিলিত হ'ব বি এল সন্তোষ ৷ ২৩ ছেপ্টেম্বৰত থাকিব আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ৰাজনৈতিক প্ৰস্তাৱ ৷ কাৰণ ২৩ ছেপ্টেম্বৰত অসম প্ৰদেশ বিজেপিক মাৰ্গ দৰ্শন কৰাব ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|