• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাত আক্ৰান্ত হ’ল সাংসদ তপন কুমাৰ গগৈ, GMCHত ভৰ্তি

কোৰোণাত আক্ৰান্ত হ’ল সাংসদ তপন কুমাৰ গগৈ, GMCHত ভৰ্তি

Source-Google

Source-Google

ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংহাৰ। আকৌ দ্ৰুত গতিত বাঢ়িবলৈ লৈছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা

  • Share this:
ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংহাৰ। আকৌ দ্ৰুত গতিত বাঢ়িবলৈ লৈছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যৰ ইজনৰ পিছত সিজন জনপ্ৰতিনিধিৰ দেহতো ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি। বুধবাৰে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈৰ দেহত কোৰোণা পিজিটিভ পোৱা গ’ল। বৰ্তমান সাংসদগৰাকীক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে তপন কুমাৰ গগৈৰ দেহত প্লাজমা দিয়াৰ ব্যৱস্থা কৰা হৈছে। জানিব পৰা মতে, কিছুদিনৰ পৰা কাঁহ আৰু গাৰ বিষত আক্ৰান্ত হৈ আছিল সাংসদ তপন কুমাৰ গগৈ।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিধায়িকা অজন্তা নেওগ, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা কোৰোণাত আক্ৰান্ত হৈ চিকিত্‍সাধীন হৈ আছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি