ছিপাঝাৰৰ গৰুখুঁটিত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ আঁৰত PFIৰ DESIGN আছে বুলি বিস্ফোৰক অভিযোগ কৰিছে বিজেপি সাংসদ দিলীপ শইকীয়া (BJP MP Dilip Saikia)ই। ভাৰতৰ বহু ঠাইত PFI এক অপশক্তি হৈ কাম কৰি আছে বুলি বিস্ফোৰক অভিযোগ কৰি সাংসদ শইকীয়াই কয় যে কালিৰ ঘটনাত PFI ডাইৰেক্ট আছিল নে নাই এই পৰ্যন্ত স্পষ্টকৈ ক'ব নোৱাৰি যদিও ডিজাইন সেইটোৱেই আছিল। বৃহস্পতিবাৰৰ ঘটনাত কেৰালাৰ কোনোবা জৰিত থাকিবও পাৰে বুলি মন্তব্য কৰি সাংসদ শইকীয়াই কয় - তদন্তৰ পিছত সকলো পোহৰলৈ আহিব।
ইপিনে গৰুখুঁটিত আৰক্ষীৰ গুলীত দুগৰাকী নিৰীহ লোক নিহত হোৱাৰ পিছতে শুকুৰবাৰে প্ৰতিবাদ কৰিবলৈ গৰুখুঁটিলৈ যোৱা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ আক্ৰমণ কৰে সাংসদ দিলীপ শইকীয়াই। শইকীয়াই কয় "ভূপেন বৰাহঁতে অন্তৰ্বাস খুলিবলৈহে বাকী আছে তুষ্টিকৰণৰ বাবে, ছাৰ্ট ফালি প্ৰতিবাদতে ক্ষান্ত থাকিল যে তাৰ বাবে ধন্যবাদ, ভাগ্যে অন্তৰ্বাস নুখুলিলে!"
"ভূপেন বৰা, গৌৰৱ গগৈহঁতে পৰিয়াল লৈ তাত গৈ দুদিন থাকি আহক" বুলিও কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই।
সাসংদ গৰাকীয়ে আকৌ কয়, কালিৰ ঘটনা এক ব্লু প্ৰিণ্ট আছিল। উচ্ছেদিত লোকৰ বাবে বেলেগকৈ ভূমিও দিয়া হৈছিল, কাৰোবাৰ প্ৰৰোচনাত পৰিহে তেওঁলোকে বৰ্বৰ আক্ৰমণ কৰিছিল আৰক্ষীৰ ওপৰত। আমছুৰ লগত আলোচনা হৈ গৈছিল, জিলা প্ৰশাসনৰ কথা মানি লৈছিল, কিন্তু হঠাৎ আৰক্ষীক এক পৰিকল্পিত আক্ৰমণ কৰিছিল বহু লোকে।" দিলীপ শইকীয়াৰ অভিযোগ, "অকল ধলপুৰৰ লোক নাছিল আক্ৰমণকাৰীৰ মাজত, আন ঠাইৰ পৰা আনিও আক্ৰমণৰ বাবেই সাজু কৰি ৰাখিছিল।"
আনহাতে আৰক্ষীয়ে ঘৰ জ্বলাই দিয়া বুলি প্ৰশাসনৰ ওপৰত অনা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰি সাংসদজনে কয় যে খেৰৰ মেজি, মৰাপাটৰ ঠাৰি জ্বলাই দিছিল খোদ আক্ৰমণকাৰীয়েই ।
আনহাতে বৃহস্পতিবাৰে গৰুখুঁটি প্ৰকল্পত হোৱা গুলীচালনাৰ বাবে চিঞৰ-বাখৰ কৰা কংগ্ৰেছে ১৯৮৩ত একে ঠাইতে ১১জনকৈ যুৱকক নৃশংসভাৱে হত্যা কৰা ঘটনাত কিয় মৌন আছিল বুলি প্ৰশ্ন কৰে দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কয়, "১৯৮৩চনৰ ১৫ফেব্ৰুৱাৰীত ১১জন সুঠাম অসমীয়া যুৱকক নৃশংসভাৱে হত্যা কৰিছিল সন্দেহযুক্ত লোকে। ১৯৮৩ৰ কথা অসমীয়াই পাহৰিব নালাগে। জয়নাথ শৰ্মাৰ ভাতৃ দয়াৰাম শৰ্মাকো তাতেই মাছ মৰা জালেৰে মেৰিয়াই হত্যা কৰিছিল। আমিনুল ইছলাম, ৰাহুল গান্ধী, ৰকিবুল হুছেইন, ৰফিকুল হুছেইনে উত্তৰ দিয়ক অসমীয়াক হত্যা কৰাৰো।"
দিলীপ শইকীয়াই পুনৰ কয়, "ধলপুৰ শিৱ মন্দিৰৰ পূজাৰী কৰ্ণ সাধুৰ মৃত্যুৰ পিছত পত্নী পাৰ্বতীক লাভ জেহাদেৰে লৈ গ'ল ছফেৰ আলীয়ে, তাৰ উত্তৰ দিয়ক কংগ্ৰেছ, AIUDFএ।"
এই সমগ্ৰ ঘটনা PFIৰ আক্ৰমণৰ আৰ্হিত হোৱা বুলি অভিযোগ কৰি সাংসদ শইকীয়াই ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে কংগ্ৰেছ, AIUDF, আমছু, ৰাইজৰ দলকো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 24, 2021, 14:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।