• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণা ভাইৰাছৰ সংক্ৰমণ জেহাদী আৰু তবলিগীৰ ষড়যন্ত্ৰ! বিধায়ক শিলাদিত্যৰ বিতৰ্কিত মন্তব্য

কোৰোণা ভাইৰাছৰ সংক্ৰমণ জেহাদী আৰু তবলিগীৰ ষড়যন্ত্ৰ! বিধায়ক শিলাদিত্যৰ বিতৰ্কিত মন্তব্য

উগ্ৰ সাম্প্ৰদায়িক মন্তব্য বিজেপি বিধায়কৰ।

উগ্ৰ সাম্প্ৰদায়িক মন্তব্য বিজেপি বিধায়কৰ।

উগ্ৰ সাম্প্ৰদায়িক মন্তব্য বিজেপি বিধায়কৰ।

  • Share this:
কোৰোণা ভাইৰাছৰ কাৰণে যথেষ্ট শিথিলতাৰ মাজেৰে তৃতীয় পৰ্য্যায়ৰ লকডাউন চলি মাজতে পুনৰ মুকলিকৈ বিতৰ্কিত মন্তব্য কৰিছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। "কোৰোণা ভাইৰাছৰ জৰিয়তে জেহাদীয়ে তেওলোকৰ সুকীয়া এজেণ্ডাৰে আমাক ধংস কৰিব বিচাৰিছিল, ভাৰতবৰ্ষৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলকলৈ জেহাদী সকলে আৰু তবলিগী জামাতিয়ে এটা এজেণ্ডা যুগুত কৰিছিল।",

এই উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে বিধায়ক শিলাদিত্য দেৱে। অন্য ৰাজ্যৰ পৰা আমাৰ অসমীয়া মানুহক ওভতাই আনোতে তেওলোকৰ লগত বেয়া মানুহ যাতে অসমলৈ আহি এই ৰাজ্যত কোৰোণাৰ সংক্ৰমণ ঘটাব নোৱাৰে তালৈ চোকা নজৰ ৰাখিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাই বিধায়ক শিলাদিত্য দেৱে।

হোজাইৰ জনপ্ৰতিনিধি গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো চোকা ভাষাৰে সমালোচনা কৰে। লক ডাউন প্ৰত্যাহাৰ কৰিব লাগে বুলি কোৱা তৰুণ গগৈক কোৱাৰেন্টাইনত যাবলৈ পৰামৰ্শ দিয়ে বিধায়ক শিলাদিত্য দেৱে।

উল্লেখযোগ্য যে অসমত নিজামুদ্দিন মাৰ্কাজৰ লিংক নথকাকৈ গুৱাহাটী আৰু বঙাইগাঁৱৰ কোৰোণা সংক্ৰমণৰ পিছতে জন সংক্ৰমণৰ আশংকা প্ৰকাশ পাইছিল। কণ্টেক্ট হিষ্ট্ৰী ট্ৰেচ কৰিব পৰা হোৱা নাই গুৱাহাটীৰ কেইবাজনো কোৰোণা ৰোগীৰ।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি