অসমীয়া জাতিৰ দলিল স্বৰূপ ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী’ ৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিজেপি দলৰ একাংশ নেতা পালিনেতা। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা NRC ৰ কাম কাজকলৈ এতিয়া যেন প্ৰতি দিনেই সন্দেহ বৃদ্ধি পাইছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বিদেশীক স্বদেশী কৰি অসমীয়া জাতিৰ অস্তিত্বক বিপদাপন্ন কৰিব বুলি সততে অভিযোগ উত্থাপন কৰি থকা শিলাদিত্য এইবাৰ সাজু হৈছে NRC ৰ বিৰুদ্ধে ‘মহা আন্দোলন’ কৰিবলৈ।
অসমীয়া জাতিক ধ্বংসৰ পৰা বচাবলৈ এতিয়া গুৰু দায়িত্ব লৈছে বিধায়ক শিলাদিত্য দেৱে! এই প্ৰসংগত হোজাইৰ বিতৰ্কিত বিধায়কজনে কয় যে, “জাতিক ধ্বংস কৰা এন আৰ চি কেতিয়াও আঁকোৱালি ল’ব নোৱাৰো, নৱেম্বৰৰ পৰা এন আৰ চিক লৈ ‘মহা আন্দোলন হ’ব।”
ঘাইকৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক “আক্ৰমণৰ লক্ষ্য” কৰি লোৱা বিধায়কজনে আজি দিচপুৰস্থিত বিধায়ক আৱাসত সম্বোধন কৰা সংবাদমেলত “সৰ্বেসৰ্বা” আখ্যা দিয়ে হাজেলাক। শিলাদিত্যই লগতে উল্লেখ কৰে যে “হাজেলা ডাঙৰীয়াই এটা কথাই কৈ থাকে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ কাম-কাজ চলি আছে। কিহৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ? কোনে ক’লে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে? আজিলৈকে এন আৰ চিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কমিটী বনাই দিয়া নাই। উচ্চতম ন্যায়ালয় প্ৰতীক হাজেলাৰ ওপৰতে নিৰ্ভৰশীল হৈ গ’ল”, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকীত অনাস্থা প্ৰকাশ কৰি এই মন্তব্য কৰে বিধায়ক শিলাদিত্যই।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|