নেতাজীক সন্ত্ৰাসবাদী আখ্যা দিলে বিধায়ক শিলাদিত্য দেৱে
হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে মুখ খুলিলেই হয় বিতৰ্ক। এইবাৰ নেতাজী সুভাষ চন্দ্ৰ বসুক বিশ্বৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আখ্যা দি অন্য এক বিতৰ্কৰ সূচনা কৰিলে বিধায়ক শিলাদিত্যই। শিলাদিত্য দেৱে এখন ৰাজহুৱা সভাত ভাষণ প্ৰসংগত কয় যে, ‘বিশ্বৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। যি আছিল আমাৰ দৰেই এজন বঙালী। তেওঁলৈ ব্ৰিটিছেও ভয় কৰিছিল।’
![]()
source-Google
এনেদৰে এখন ৰাজহুৱা সভাত বিধায়ক দেৱে নেতাজীক সন্ত্ৰাসবাদী আখ্যা দিয়াকলৈ জাঙুৰ খাই উঠিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা হোজাই সমষ্টিৰে প্ৰাক্তন বিধায়ক ডা০ অৰ্ধেন্দু দে। শিলাদিত্য দেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো হুংকাৰ দিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|