உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘হিন্দুৰ দ্বাৰাই মোক হত্যা কৰোৱাৰ ভাবুকি দিছে, কিন্তু ইতিমধ্যেই মোৰ মৃত্যু হৈছে’..শিলাদিত্য দেৱৰ বিস্ফোৰণ

    ‘হিন্দুৰ দ্বাৰাই মোক হত্যা কৰোৱাৰ ভাবুকি দিছে, কিন্তু ইতিমধ্যেই মোৰ মৃত্যু হৈছে’..শিলাদিত্য দেৱৰ বিস্ফোৰণ

    অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷

    অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷

    অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷

    • Share this:
    অসমৰ ভুমিপুত্ৰক বাংলাদেশী মুছলমানে এম্বুছ কৰাৰ দৰে অতি জঘন্যভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ ইয়াৰ অংশ হিচাপেই নুনমাটিত হত্যা কৰা হ'ল ঋতুপৰ্ণ পেগুক ৷ এই ভয়ংকৰ অভিযোগ বিধায়ক শিলাদিত্য দেৱৰ ৷ লগতে তেওঁকো হিন্দুৰ দ্বাৰাই হত্যা কৰাৰ ভাবুকি অচিনাক্ত লোকে দিয়া বুলি সদৰী কৰে বিধায়কজনে ৷

    শুকুৰবাৰে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক ৷ গুৱাহাটী মহানগৰীৰ নুনমাটিত হানি, খুচি আৰু ডিঙিত ৰেপি হত্যা কৰা হ'ল ঋতুপৰ্ণ পেগুক ৷ এই ঘটনাকলৈ এতিয়া সৰৱ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷ বিধায়ক শিলাদিত্যৰ দাবী- “ভুমিপুত্ৰ ঋতুপৰ্ণৰ হত্যাকাৰী হ'ল বাংলাদেশী মুছলমান ৷ হত্যাকাৰীক ৰাইজৰ হাতত গটাই দিব লাগে। হত্যাকাৰীক বলি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷”

    বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক শিলাদিত্যই ক'লে- “যি কেইজন মহন্ত, গগৈ, ভট্টাচাৰ্য আৰু গোহাঁইয়ে বাংলাদেশী মুছলমানৰ হৈ উকালতি কৰিছিল, আন্দোলন কৰিছিল; সেইকেইজন এতিয়া ক'ত? ৰাইজে এইকেইজনৰ পৰা আঁতৰি থাকক ৷ ভূমিপুত্ৰক বাংলাদেশী মুছলমানে হত্যা কৰিছে আৰু মণজিত্‍ মহন্তই বিহাৰীয়েহে হত্যা কৰা বুলি দাবী কৰিছে ৷ এইজন মহন্তক ৰাইজে কি কৰিব?”

    ইপিনে এক টেলিফোন কল কৰি বিজেপিৰ এইজন বিধায়কক হত্যা কৰাৰ ভাবুকি দিছে ৷ কোনো অচিনাক্ত লোকে হিন্দুৰ দ্বাৰাই হত্যা কৰা হ'ব বুলি ভাবুকি দিয়াৰ কথা শনিবাৰে সদৰি কৰে বিধায়ক শিলাদিত্যই ৷ বিধায়ক শিলাদিত্যই ক'লে- “হিন্দুৰ দ্বাৰাই মোক হত্যাৰ ভাবুকি দিছে মোক ৷ এয়া বাংলাদেশী মুছলমানৰ কাম ৷ মোৰ মৃত্যু হৈ গৈছে সেইদিনাই, যিদিনাই সনাতন ডেকাক, ঋতুপৰ্ণ পেগুৰ দৰে ভুমিপুত্ৰক হত্যা কৰা হ'ল ৷ মোক আৰু সিহঁতে হত্যা কৰিব নোৱাৰে ৷”
    First published: