শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক ছুৰীৰে হানি-খুচি হত্যা কৰা হ’ল। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে বিজেপি বিধায়কৰ শিলাদিত্য দেৱে। বিধায়ক শিলাদিত্যই কয় যে, ‘ভূমিপুত্ৰ ঋতুপৰ্ণ পেগুক নুনমাটিত বাংলাদেশী মুছলমানে অতি লোমহৰ্ষকভাৱে হত্যা কৰিলে ৷ হত্যাকাৰীক ৰাইজৰ দাতত গটাই দিব লাগে।’
বিধায়কজনে লগতে কয় যে, ‘ মুছলমানে জুবাই কৰে, আমি বলি দিও ছাগলী, মুৰ্গী ৷ এইকেইটাকো বলি দিব লাগে ৷ বাংলাদেশী মুছলমানৰ হৈ যুক্তি দিয়া মহন্ত, গগৈ, ভট্টাচাৰ্য, গোহাঁই আদিক আমি বিশ্বাস কৰিব নালাগে ৷ তেওঁলোকে বাংলাদেশীক লৈ আন্দোলন কৰে।’
‘কোৰোণাক লৈ আমি ৰাজনীতি কৰা নাই ৷ ৰিপুণ বৰা, তৰুণ গগৈয়ে কিয় ৰাইজৰ ওচৰত যোৱা নাই ? কোনে বাধা দিছে তেওঁলোকক? কোৰোণা কি মিছা? মিছা যদি কওক কংগ্ৰেছে ৷ ইয়াক লৈ ৰাজনীতি আমি নকৰো ৷ এবস্তা চাউল ৰাইজক দিলে বস্তাটোত হাতৰ চিন মাৰি কংগ্ৰেছে ৰাজনীতি কৰে ৷ আমিটো নকৰো ৷ ৰাইজে কথাবোৰ চাই আছে।’ এনেদৰে কয় শিলাদিত্য দেৱে।