মিঞা কবিতা NRCৰ ফচল, NRCত অবৈধভাৱে নাম অন্তৰ্ভুক্ত কৰি লিখিছে মিঞা কবিতা : শিলাদিত্য দেৱ

এয়া অসমক ইছলামিক ৰাষ্ট্ৰৰ অংশবিশেষ কৰাৰ ষড়যন্ত্ৰ মাথোঁ বুলিও কয় হোজাই বিধায়ক শিলাদিত্য দেৱে।

News18-Assam
Updated:July 12, 2019, 2:54 PM IST
মিঞা কবিতা NRCৰ ফচল, NRCত অবৈধভাৱে নাম অন্তৰ্ভুক্ত কৰি লিখিছে মিঞা কবিতা : শিলাদিত্য দেৱ
এয়া অসমক ইছলামিক ৰাষ্ট্ৰৰ অংশবিশেষ কৰাৰ ষড়যন্ত্ৰ মাথোঁ বুলিও কয় হোজাই বিধায়ক শিলাদিত্য দেৱে।
News18-Assam
Updated: July 12, 2019, 2:54 PM IST
মিঞা কবিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱে কয় যে মিঞা কবিতা NRC ফচল। NRCত অবৈধভাৱে নাম অন্তৰ্ভুক্ত কৰি, এতিয়া তেওঁলোকে মিঞা ভাষাত কবিতা লিখিছে। অসমৰ জাতীয় সংগীত মিঞা ভাষাত লিখিবলৈ দুঃসাহস কৰিছে। অসমীয়াই এতিয়া নিজৰ ভাষা এৰি মিঞা ভাষা ক’বলগা বা লিখিবলগা পৰিস্থিতি হ’ব। ডিঙিত অসমীয়া গামোচা আৰি লোকপিয়লত মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰি সেইসকল লোকে এতিয়া মিঞা কবিতা লিখিছে বুলিও মন্তব্য বিধায়কজনৰ। এয়া অসমক ইছলামিক ৰাষ্ট্ৰৰ অংশবিশেষ কৰাৰ ষড়যন্ত্ৰ মাথোঁ বুলিও কয় হোজাই বিধায়ক শিলাদিত্য দেৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি