মাঘবিহুৰ দিনটোত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত বহু আলহী । সেয়েহে পুনৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল বিধায়কগৰাকীক। বিধায়কগৰাকীয়ে শুকুৰবাৰে নিজ গৃহত এসাজ খাবলৈ নিমন্ত্ৰণ কৰে সমষ্টিৰ একাংশ বয়োজ্যেষ্ঠ লোকক। এইসকল লোকক অপ্যায়ণ কৰে বিধায়কগৰাকী আৰু তেওঁৰ পত্নীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে জানিবলৈ দিয়া মতে খাদ্য প্ৰস্তুত কৰিছে তেওঁৰ পত্নীয়ে আৰু ইয়াত সহায় কৰি দিছে তেওঁ আৰু তেওঁৰ একাংশ বন্ধুৱে। মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দি বিধায়কগৰাকীয়ে আৰু কয় যে, এই পদক্ষেপে ৰাইজৰ সৈতে থকা সম্পৰ্ক অধিক গাঢ় কৰি তুলিছে ।
" মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে অসমৰ মন্ত্ৰী, বিধায়ক, সাংসদসকলক তেওঁলোকৰ ঘৰলৈ সমষ্টিৰ লোকসকলক আমন্ত্ৰণ জনাই কিছু সময় পাৰ কৰাৰ লগতে নিজ হাতেৰে এসাজ খুৱাবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি মই মোৰ ঘৰলৈ মৰিয়নিৰ একাংশ জ্যেষ্ঠ লোকক আমন্ত্ৰণ জনাইছিলো। তেওঁলোকক নিজে ৰান্ধি অপ্যায়ন কৰি বহুত ভাল লাগিছে। ই আমাৰ মাজত থকা সম্পৰ্কক অধিক দৃঢ় কৰিব।", বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয়।
বিহুৰ দিনটোত মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীৰ পৰিয়ালটোৱে এনেদৰে সমষ্টিটোৰ একাংশ জ্যেষ্ঠ লোকৰ সৈতে পাৰ কৰি আৰু কয় যে, ভৱিষ্যতে পুনৰ সমষ্টিৰ লোকসকলৰ সৈতে এনেদৰে সময় পাৰ কৰিব বিধায়কগৰাকীৰ পৰিয়ালে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|