মুখ্যপৃষ্ঠা »খবৰ »অসম »Rupjyoti Kurmi : ‘পানী ফুৱাই সাংসদ হোৱা মানুহ আজমল, ভূপেন বৰাৰ কথা মোক নুসুধিব, কংগ্ৰেছক শেষ কৰিলে’

Rupjyoti Kurmi : ‘পানী ফুৱাই সাংসদ হোৱা মানুহ আজমল, ভূপেন বৰাৰ কথা মোক নুসুধিব, কংগ্ৰেছক শেষ কৰিলে’

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰে ইপিঠি–সিপিঠি বুলি মন্তব্য কৰে কুৰ্মীয়ে।

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰে ইপিঠি–সিপিঠি বুলি মন্তব্য কৰে কুৰ্মীয়ে।

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰে ইপিঠি–সিপিঠি বুলি মন্তব্য কৰে কুৰ্মীয়ে।

  • Share this:
বদৰুদ্দিন আজমল পানী ফুৱাই সাংসদ হোৱা মানুহ। হাতে–কামে কৰি, ৰাইজৰ মাজত থাকি তেওঁ সাংসদ হোৱা নাই। এই মন্তব্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi)। চৰাইদেউত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়কগৰাকীয়ে।

আজমলক (Badruddin Ajmal) চোকা সমালোচনা কৰি কুৰ্মীয়ে কয়, ‘‘আজমল পানী ফুৱাই সাংসদ হোৱা মানুহ। তেওঁ মিটিংবোৰত পানী ফুকে। পানী ফুকা সাংসদৰ বিষয়ে মই একো মন্তব্য দিব নিবিচাৰো।’’

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰে ইপিঠি–সিপিঠি বুলি মন্তব্য কৰে কুৰ্মীয়ে। ভূপেন বৰাক (Bhupen Borah) কঠোৰভাৱে সমালোচনা কৰি মৰিয়নীৰ বিধায়কগৰাকীয়ে কয়, ‘‘ভূপেন বৰাৰ কথা মোক নুসুধিব। ভূপেন বৰাই কবিতা লিখে। শেহতীয়াকৈ তেওঁ লোকসভাত ৯খন আসন দখল কৰিম বুলি কৈছে। অসমৰ ১৪খন আসনৰ ১৩খন আমি দখল কৰিম বুলি নিশ্চিত। মুখ্যমন্ত্ৰী আৰু সভাপতি ভৱেশ কলিতাই কৈছে। থাকিল এখন। এখন বেলেগ কোনোবা ৰাজনৈতিক দলে দখল কৰিব। কংগ্ৰেছে এখন দখল কৰাৰ সম্ভাৱনা আছিল, কিন্তু ভূপেন বৰাই কবিতা লিখাৰ পিছত সেয়াও নোহোৱা হ’ল। মোৰ বন্ধু, সতীৰ্থসকলৰ সৈতে কথা–বতৰা হৈ থাকে। তেওঁলোকে কৈছে, আমি এখন জিকাৰ সম্ভাৱনা আছিল, সেয়াও হাৰিম।’’

আৰু পঢ়ক : ‘হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ, দুষ্টক দমন কৰিব, শান্তিৰ অসম হ’ব’

‘‘ভূপেন বৰাই দুবাৰকৈ নিজৰ সমষ্টিত হাৰিলে। লোকসভাৰ সাংসদ হাৰিলে। তেওঁ দায়িত্ব লোৱাৰ পিছত কংগ্ৰেছত কুফা লগাৰ দৰে হ’ল। এটাও উপ নিৰ্বাচনত জিকিব নোৱাৰিলে। পৌৰসভা, পৌৰ নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ক’তো জিকিব পৰা নাই। ভূপেন বৰা অহাৰ পিছত কংগ্ৰেছৰ অকণমান যি আছিল, সেয়াও শেষ হ’ল। কংগ্ৰেছক একেবাৰে শেষ কৰিলে ভূপেন বৰাই।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।

শেহতীয়া বাতৰি