ক্ষমতাৰ যুঁজ! ঢকুৱাখনাত মন্ত্ৰী নৱ দলেক পৰাস্ত কৰিবলৈ ব্লু-প্ৰিণ্ট দলৰে বিধায়ক ৰণোজ পেগুৰ!

News18 Assam | News18-Assam
Updated:September 13, 2020, 1:48 PM IST
ক্ষমতাৰ যুঁজ! ঢকুৱাখনাত মন্ত্ৰী নৱ দলেক পৰাস্ত কৰিবলৈ ব্লু-প্ৰিণ্ট দলৰে বিধায়ক ৰণোজ পেগুৰ!
এক কুটিল ৰাজনৈতিক বাতাবৰণে বিৰাজ কৰিছে উত্তৰ অসম। ৰণোজ পেগু আৰু নৱ দলেৰ ক্ষমতাৰ যুঁজত অস্থিৰ উত্তৰ অসম।

এক কুটিল ৰাজনৈতিক বাতাবৰণে বিৰাজ কৰিছে উত্তৰ অসম। ৰণোজ পেগু আৰু নৱ দলেৰ ক্ষমতাৰ যুঁজত অস্থিৰ উত্তৰ অসম।

  • News18 Assam
  • Last Updated: September 13, 2020, 1:48 PM IST
  • Share this:
এক কুটিল ৰাজনৈতিক বাতাবৰণে বিৰাজ কৰিছে উত্তৰ অসম। ৰণোজ পেগু আৰু নৱ দলেৰ ক্ষমতাৰ যুঁজত অস্থিৰ উত্তৰ অসম। যোৱা এটা দশকত কংগ্ৰেছৰ আমোলৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী ভৰত নৰহৰ ভেটি ঢকুৱাখনাত উচন কৰি অবিসম্বাদী নেতা হিচাপে পৰিগণিত হৈছিল মন্ত্ৰী নৱ কুমাৰ দলে। সেই নৱ দলেক আঁতৰাই মন্ত্ৰিত্ব লাভৰ আশাত ৰণোজ পেগুৱে গণশক্তিক ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

চৰকাৰৰ মিত্ৰ দল গণশক্তিয়ে নৱ দলেৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰি টি এম পি কেৰ নেতা পদ্মলোচন দলেক ঢকুৱাখনাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে ৷ মূলতঃ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগেৰে নৱ দলেৰ বিৰুদ্ধে এই সিদ্ধান্ত লোৱা যেন লাগিলেও ইয়াৰ অন্তৰালত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই থকাৰ কথা চৰ্চা হৈ আছে ৷

মুখ্যমন্ত্ৰীৰ অতিকে ঘনিষ্ঠ মন্ত্ৰী নৱ দলেক সমাগত নিৰ্বাচনত পৰাস্ত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ধেমাজিৰ বিজেপি বিধায়ক ডা° ৰণোজ পেগুৱে ৷ মন্ত্ৰিত্ব লাভৰ পথ প্ৰশস্ত কৰিবলৈ এই কূট কৌশল ৰচনা কৰি সন্মিলিত গণশক্তি অসমৰ ওপৰত ঢকুৱাখনাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে ৷ আনহাতে একে প্ৰসংগ আগত ৰাখি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত মুখ্যমন্ত্ৰীক নিৰ্বাচনত সমৰ্থন দিয়া নিদিয়া বিষয়টো গণশক্তি দলৰ ভিতৰচঁৰাত চৰ্চা লাভ কৰা বুলি জনা গৈছে ৷

ঢকুৱাখনাত মিত্ৰতা ভংগ কৰি নৱ দলেৰ বিৰুদ্ধে গণশক্তিয়ে প্ৰাৰ্থী থিয় কৰোৱা বিষয়ত মুখ্যমন্ত্ৰীয়ে সন্মতি প্ৰদান কৰিলেহে মাজুলীত গণশক্তিৰ সমৰ্থন লাভ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে বিধায়ক ডা° ৰণোজ পেগুৰ এই প্ৰস্তাৱত চৰ্ত ভিত্তিত সমৰ্থন আগবঢ়াইছে সন্মিলিত গণশক্তিৰ নেতা তথা জোনাইৰ বিধায়ক ভুৱন পেগুৱে ৷ কাৰণ জোনাইত এইবাৰ ভুৱণ পেগুৰ বিৰুদ্ধে নিৰ্বাচনী ৰণ কৌশল তৈয়াৰ কৰি নিজ দলৰ প্ৰাৰ্থী অশ্বিনী পাইট ,শঠ বসুমতাৰীৰ নাম সভাপতি ৰঞ্জিত দাসলৈ প্ৰেৰণ কৰিছে জোনাই বিজেপিয়ে ৷

জোনাইত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ভুৱন পেগুৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা কঠিন হ’ব ৷ সেয়েহে বিজেপিৰে মিত্ৰতা অটুত ৰাখি বিধায়ক ৰণোজ পেগুৰ কৌশলত সন্মতি জনাই ৰণোজ পেগুৰ যোগেদি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিবলৈ বিজেপি নেতৃত্বক চৰ্ত আৰোপ কৰিছে ভুৱন পেগুৱে। ভুৱন পেগুৰ এই চৰ্তত ৰণোজ পেগুৱে সমৰ্থনো আগবঢ়োৱা বুলি চৰ্চা চলিছে। সম্প্ৰতি উত্তৰ অসমত মিচিং জনগোষ্ঠীৰ লোকৰ মাজত জনগোষ্ঠীটোৰ নেতাৰ ক্ষমতাকেন্দ্ৰিক এই শীতল যুঁজে বিশেষ চৰ্চা লাভ কৰিছে ৷
Published by: Himangshu Bhuyan
First published: September 13, 2020, 1:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading