உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজৱ! ‘বৰলা’ৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ বিজেপি বিধায়কৰ

    আজৱ! ‘বৰলা’ৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ বিজেপি বিধায়কৰ

    বিজেপি চৰকাৰৰ দিনত উন্নয়ন নেদেখা সকলক ক’লা চশমা প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে বিধায়ক ৰমাকান্তই

    বিজেপি চৰকাৰৰ দিনত উন্নয়ন নেদেখা সকলক ক’লা চশমা প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে বিধায়ক ৰমাকান্তই

    বিজেপি চৰকাৰৰ দিনত উন্নয়ন নেদেখা সকলক ক’লা চশমা প্ৰদান কৰিব লাগে বুলিও উল্লেখ কৰে বিধায়ক ৰমাকান্তই

    • Share this:
    নিৰ্বাচন আহিলেই ৰাজনৈতিক দলসমূহে বিভিন্ন আঁচনিৰ কথা কয়। চৰকাৰেও ভোটাৰক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন আঁচনিৰ প্ৰতিশ্ৰুতি দিয়ে। পিছে এইবাৰ এখন আজৱ আঁচনিৰ প্ৰস্তাৱ দিলে মৰিগাঁৱৰ বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীয়ে।

    তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মৰিগাঁও চহৰৰ স্কুল খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। এই সভাতে ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা মঞ্চত বহি থকা অৱস্থাতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা কৈ বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছ কৰি নিজৰ জীৱনটো অথলে গ'ল বুলি মন্তব্য কৰি বিৰোধী দল কংগ্ৰেছৰ কৰ্মহীন অবিবাহিত যুৱক সকলৰ বাবে বৰলাৰ আঁচনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়ন নেদেখা বিৰোধী দলৰ নেতা-কৰ্মী সকলক বিনামূলীয় চশমা প্ৰদান কৰিবলৈকো অনুৰোধ জনাই বিধায়ক ৰমাকান্তই।

    বৰলাৰ বাবে আঁচনি বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ পিছতে মঞ্চ আৰু সভাথলীত হাঁহিৰ ৰোল উঠে। কাৰণ অসমীয়া সমাজত অবিবাহিত ব্যক্তি সকলৰ বাবে এটা ধেমেলীয়া শব্দ হৈছে "বৰলা"। ৰমাকান্ত দেউৰীৰ মন্তব্য শুণি হাঁহি ৰখাব নোৱাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
    Published by:Himangshu Bhuyan
    First published: