• Home
  • »
  • News
  • »
  • assam
  • »
  • বাঘ–সিংহৰ যুঁজত আমি শিয়ালে ২০২১ত খাম হৰিণাৰ মাংসঃ প্ৰশান্ত ফুকন

বাঘ–সিংহৰ যুঁজত আমি শিয়ালে ২০২১ত খাম হৰিণাৰ মাংসঃ প্ৰশান্ত ফুকন

ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ–AIUDFক আমি নিচুকনি বঁটা দিছো, কিন্তু দুয়োটা দলেই পটেছিয়াম ছাইনাইড খাব!

  • Share this:
‘কংগ্ৰেছ–AIUDFৰ মিত্ৰতা আজিৰ নহয়। ভিতৰি ভিতৰি মিত্ৰতা আছিলেই। এতিয়া দেখা–দেখিকৈ হৈছে।’ এই গুৰুতৰ অভিযোগ BJPৰ বিধায়ক প্ৰশান্ত ফুকনৰ।

বুধবাৰে অসম বিধানসভাৰ চৌহদত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক প্ৰশান্ত ফুকনে ক’লে, ‘ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ–AIUDFয়ে মিত্ৰতা কৰিলে, এই মিত্ৰতাত দুয়োটা দলে পটেচছিয়াম ছাইনাইড খোৱাৰ দৰে হ’ল। দুয়োটা দলেই ইয়াৰ পৰিণাম ভুগিব।’

কংগ্ৰেছ–AIUDFক সমালোচনা কৰি বিধায়ক ফুকনে কয় যে, ‘২০২১ত উজনিত কংগ্ৰেছ আৰু নামনিত AIUDFক ৰাইজে শিক্ষা দিব। আমি BJPয়ে ১০০খন আসন লাভ কৰি আকৌ দিছপুৰ আহিম।’

ৰাজ্যসভাৰ তৃতীয়খন আসনত BJPয়ে প্ৰাৰ্থী নিদিয়ে বুলি কৈ বাকপটু বিধায়ক প্ৰশান্ত ফুকনে পুনৰ কয় যে,‘বাঘ আৰু সিংহৰ কাজিয়াত হৰিণাৰ মাংস শিয়ালে খোৱাৰ দৰে ২০২১ত আমি মাংস খাম। এতিয়া ৰাজ্যসভাৰ আসনখন কংগ্ৰেছ আৰু AIUDFক নিচুকনি বঁটা হিচাপে দিছো।’
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি