உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'বদৰুদ্দিন আজমল অপদাৰ্থ, দুবছৰৰ ভিতৰত নামঘৰত নামাজ পঢ়িব লাগিব অসমীয়াই'- ক্ষোভ বিধায়ক প্ৰশান্ত ফুকনৰ

    'বদৰুদ্দিন আজমল অপদাৰ্থ, দুবছৰৰ ভিতৰত নামঘৰত নামাজ পঢ়িব লাগিব অসমীয়াই'- ক্ষোভ বিধায়ক প্ৰশান্ত ফুকনৰ

    কংগ্ৰেছ দলৰ সৈতে লগ হৈ বদৰুদ্দিন আজমলে অসমীয়াৰ নামঘৰত নামাজ পঢ়িবলৈও ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰশান্ত ফুকনে।

    • Share this:
    বটদ্ৰৱাৰ এখন ৰাজহুৱা সভাত এই আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক "চাহাব"সম্বোধন কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে।

    প্ৰশান্ত ফুকনে মঙলবাৰে পুৱাই ক্ষোভ প্ৰকাশ কৰি কয় যে "বদৰুদ্দিন আজমলে আমাৰ গুৰুজনাক অপমান কৰিছে। আজমল এগৰাকী অপদাৰ্থ ব্যক্তি। সেয়েহে মহাপুৰুষ জনাৰ প্ৰতি দৃষ্টিকটু মন্তব্য কৰিছে।"

    ইয়াৰ উপৰিও কংগ্ৰেছ দলৰ সৈতে লগ হৈ বদৰুদ্দিন আজমলে অসমীয়াৰ নামঘৰত নামাজ পঢ়িবলৈও ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰশান্ত ফুকনে। যদিহে এনেদৰেই থাকে তেন্তে আজমলে দুবছৰৰ ভিতৰতে নামঘৰত নামাজ পঢ়োৱাৰ ব্যৱস্থা কৰিব বুলিও ক্ষোভ প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ বিধায়কগৰাকীক।
    Published by:Himangshu Bhuyan
    First published: