‘ৰাজ্যৰ শেহতীয়া সমস্যাক তল পেলাবলৈ বিজেপিয়ে কৰিলে নাটক, বলিৰ পঠা সজালে শিলাদিত্যক’

News18 Assam | News18-Assam
Updated:July 15, 2020, 5:53 PM IST
‘ৰাজ্যৰ শেহতীয়া সমস্যাক তল পেলাবলৈ বিজেপিয়ে কৰিলে নাটক, বলিৰ পঠা সজালে শিলাদিত্যক’
বিজেপিয়ে বলিৰ পঠা সজালে নেকি বিধায়ক শিলাদিত্যক?

বিজেপিয়ে বলিৰ পঠা সজালে নেকি বিধায়ক শিলাদিত্যক?

  • Share this:
প্ৰথমে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱলা আৰু তাৰ পিছত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ। দুয়োজনে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি পিছত পদত্যাগ পত্ৰ উঠাই লোৱা কাৰ্যক বিজেপিৰ নাটক আখ্যা দিলে বিৰোধী কংগ্ৰেছে। আনকি কংগ্ৰেছী নেতাৰ অভিযোগ, ৰাজ্যৰ শেহতীয়া কেতবোৰ সমস্যাক তল পেলাবলৈকে বিজেপিয়ে কৰিলে এইখন নাটক। আৰু বলিৰ পঠা সজালে বিধায়ক শিলাদিত্য দেৱক।

বাঘজানৰ তৈলখাদৰ জুই, কৃষক নেতা অখিল গগৈৰ দেহত কোৰোণা, চৌদিশে মূল্যবৃদ্ধিৰ আতংকৰ পৰা ৰক্ষা পাবলৈ বিজেপি নেতৃত্বই শিলাদিত্য দেৱক বলিৰ পঠা সজালে বুলি মন্তব্য কৰিলে প্ৰাক্তন উদ্যোগ মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদে।

ইফালে শিলাদিত্য দেৱৰ ওলোটা খৰক তীব্ৰ সমালোচনা কৰি যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কয় যে, ‘বিজপিৰ এনে নাটক এতিয়া বুলি পাইছে ৰাইজে। আগন্তুক ২০২১ৰ নিৰ্বাচনত ভালকৈ এসেকা দিব বিজেপিক।
Published by: Himangshu Bhuyan
First published: July 15, 2020, 5:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading