உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘মই যতীন বৰাৰ দৰে স্বাৰ্থলোভী আৰু দুতলীয়া নহয়, যতীন বৰা বাল্মিকী হৈ লতাশিলত বহিছে’

    ‘মই যতীন বৰাৰ দৰে স্বাৰ্থলোভী আৰু দুতলীয়া নহয়, যতীন বৰা বাল্মিকী হৈ লতাশিলত বহিছে’

    সমষ্টিবাসীয়ে ক’লেই বিজেপি ত্যাগ কৰিব পদ্ম হাজৰিকাই

    সমষ্টিবাসীয়ে ক’লেই বিজেপি ত্যাগ কৰিব পদ্ম হাজৰিকাই

    সমষ্টিবাসীয়ে ক’লেই বিজেপি ত্যাগ কৰিব পদ্ম হাজৰিকাই

    • Share this:
    নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰি বিজেপি দল ত্যাগ কৰিলে অভিনেতা যতীন বৰাই। অসম ৰাজ্যিক চলচিত্ৰ বিত্ত নিগমৰ দায়িত্বৰ পৰাও অব্য়াহতি ল’লে যতীন বৰাই। CAA বিৰোধী প্ৰতিবাদী জনতাক সন্মান জনাই বিজেপি ত্যাগ কৰা যতীন বৰাক এতিয়া সমালোচনা কৰিছে চতীয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাই।

    ‘মই যতীন বৰাৰ দৰে স্বাৰ্থলোভী আৰু দুতলীয়া নহয়, যতীন বৰা বাল্মিকী হৈ লতাশিলত বহিছে। ময়ো পদত্যাগৰ বাবে সাজু। সমষ্টিবাসীয়ে ক’লেই মই পদত্যাগ কৰিম। মই অসমীয়া, অসমীয়াৰ ক্ষতি হোৱা কাম নকৰো। শৰীৰত শেষ টোপাল তেজ থকালৈ অসমীয়াৰ হকে যুঁজিম। এই সন্দৰ্ভত মই পূৰ্বতে স্থিতি স্পষ্ট কৰিছো।’

    বিজেপিৰ বিধায়কজনে লগতে কয় যে, ‘আন্দোলনত একাংশ দুস্কৃতিকাৰী জড়িত হৈছে।কংগ্ৰেছী নুৰজামালৰ সমৰ্থকে মোৰ ঘৰ ঘেৰাও কৰিছে। দুষ্কৃতিকাৰীক যোগ্য প্ৰত্যুত্তৰৰ বাবেও মই সাজু।’
    First published: