CAA এখন আইন গতিকে এতিয়া আৰু আন্দোলন কৰি লাভ নাইঃ বিজেপি বিধায়ক নোমল মমিন

News18 Assam | News18-Assam
Updated:January 2, 2020, 3:23 PM IST
CAA এখন আইন গতিকে এতিয়া আৰু আন্দোলন কৰি লাভ নাইঃ বিজেপি বিধায়ক নোমল মমিন
আন্দোলনৰ নামত যিসকলে চৰকাৰী সম্পত্তি ধ্বংস কৰিলে, তেওঁলোকৰ পৰাই খৰছ উলিয়াই সেইবোৰৰ পুনৰ নিৰ্মাণ কৰিব লাগেঃ মমিন

আন্দোলনৰ নামত যিসকলে চৰকাৰী সম্পত্তি ধ্বংস কৰিলে, তেওঁলোকৰ পৰাই খৰছ উলিয়াই সেইবোৰৰ পুনৰ নিৰ্মাণ কৰিব লাগেঃ মমিন

  • Share this:
ৰাজ্যত নাই নতুন বছৰৰ বিশেষ উৎসাহ–উদ্দীপনা! চৌদিশে অসমীয়া মানুহৰ নিজৰ ভাষা, সংস্কৃতি, ৰক্ষাৰ সংগ্ৰাম অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। সকলোৰে এটাই দাবী– বাতিল কৰক CAA। কিন্তু সেইসময়তে বিজেপি বিধায়ক নোমল মমিনৰ মন্তব্য–‘এতিয়া আৰু CAAৰ বিৰুদ্ধে আন্দোলন কৰি লাভ নাই।’

বিধায়ক নোমল মমিনে কয় যে,  ‘এতিয়া আৰু আন্দোলন কৰি লাভ নাই ৷ CAA আইনত পৰিণত হ'ল ৷ উচ্চতম ন্যায়ালয়ে যি ক'ব সেয়াই হ'ব ৷ যি সকলে আন্দোলনৰ নামত চৰকাৰী/ৰাজহুৱা সম্পত্তি ধ্বংস কৰিলে, তেওঁলোকৰ পৰাই খৰছ উলিয়াই সেইবোৰৰ পুনৰ নিৰ্মাণ কৰিব লাগে ৷’

বিধায়ক মমিনে লগতে উল্লেখ কৰিছে, ‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে উত্তৰ প্ৰদেশ চৰকাৰে দুস্কৃতিকাৰীৰ পৰা ক্ষতিপূৰণ আদায় কৰিছে ৷ অসম চৰকাৰেও সেই নীতি গ্ৰহণ কৰিব লাগে ৷ ভিডিঅ ফুটেজ পৰীক্ষা কৰি দুস্কৃতিকাৰীক চিনাক্ত কৰিব লাগে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সম্পত্তি ধ্বংসকাৰী সকল কোন? চিনাক্ত কৰি ক্ষতিপূৰণ আদায় কৰক ৷’
Published by: Himangshu Bhuyan
First published: January 2, 2020, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading